Andhra Pradesh : তেলৰ টেংকি পৰিষ্কাৰ কৰাৰ সময়ত অন্ধ্ৰ প্ৰদেশৰ কাৰখানাত শ্বাসৰুদ্ধ হয় মৃত্যু সাতজন শ্ৰমিকৰ

WhatsApp Image 2023 02 09 at 19.54.33

Andhra Pradesh :

খোৱা তেলৰ কাৰখানাত শ্বাসৰুদ্ধ হৈ মৃত্যু হ’ল সাতজন শ্ৰমিকৰ । বৃহস্পতিবাৰে ঘটনাটো সংঘটিত হয় অন্ধ্ৰ প্ৰদেশৰ জিৰগমপেটত ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, পুৱা প্ৰায় সাত বজাত কাৰখানাৰ ভিতৰত এটা তেলৰ টেংক পৰিষ্কাৰ কৰিব লয় প্ৰায় সাতজন শ্ৰমিকে ।

হঠাতে তেওঁলোকে অসুস্থ অনুভৱ কৰিবলৈ ধৰে। তাৰ পাছতে তেওঁলোকৰ এজন এজনকৈ শ্ৰমিকে জ্ঞান হেৰুৱাই।

শ্ৰমিকসকল কিয় টেংকৰ পৰা ওলাই অহা নাই সেই বিষ়টোক লৈ তদন্ত আৰম্ভ কৰে কেইজনমান শ্ৰমিকে ।

তেতিয়া তেওঁলোকে দেখে যে সাতজন লোকেই অচেতন হৈ পৰি আছে। ঘটনাটোৱে গোটেই কাৰখানাটোতে এক চাঞ্চল্য সৃষ্টি কৰে ।

সাতজন লোকক টেংকৰ পৰা বাহিৰলৈ লৈ যোৱা হয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসকসকলে তেওঁলোকৰ প্ৰত্যেককে মৃত বুলি ঘোষণা কৰে ।

এই ঘটনাৰ পাছত, কাৰখানাটোত আৰম্ভ হয় প্ৰতিবাদ । অভিযোগ উত্থাপন হৈছে যে শ্ৰমিকসকলক কোনো সুৰক্ষা অবিহনে কাম কৰিবলৈ বাধ্য কৰা হয়। নিজৰ জীৱনৰ বিপদাশংকাত কাম কৰি প্ৰাণ হেৰুৱাইছিল বুলি দাবী শ্ৰমিসকলৰ।

আৰক্ষীয়ে জনাইছে , মৃত শ্ৰমিকসকল পাডেৰু আৰু পুলিমৰুৰ বাসিন্দা। তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অৱগত কৰা হৈছে। মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

এজন আৰক্ষী বিষয়াই কয় যে কি কাৰণত ঘটনাটো ঘটিছিল সেয়া নিশ্চিত কৰাৰ পাছত কাৰখানাৰ মালিকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Exit mobile version