GMCH : জি এম চি এইছত ৰোগীৰ পৰা ধন সংগ্ৰহৰ অভিযোগত

ৱাৰ্ডবয় সহ দালাকক আটক

9899ea22 4860 4363 9512 6994e3adc0c2

GMCH  :

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দালালৰ দপদপনি ৰোধ কৰাৰ বাবে কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও কমা নাই দালালৰাজ ৷

চিকিৎসালয় খনৰ একাংশ ধুৰন্ধৰ কৰ্মচাৰীয়ে দালালৰ সহায়ত ৰোগীৰ পৰা বিভিন্ন পৰীক্ষা- নিৰীক্ষাৰ নামত ধন সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে সংগোপনে। উল্লেখ্য যে ,দালালৰ জালত পৰে চিকিৎসালয় খনলৈ নতুনকৈ অহা ৰোগীৰ আত্মীয়সকল ৷

বিভিন্ন সময়ত এই সন্দৰ্ভত অভিযোগ উদ্থাপিত হৈ থকাৰ মাজতে বৃহস্পতিবাৰে জি এম চি এইছৰ অধীক্ষকৰ কাৰ্যালয় চৌহদতে আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই আটক কৰে এজন দালালক ৷ধৃত দালালজনৰ নাম নৱদ্বীপ বৰা ৷

আনহাতে দালালটোৰ স্বীকাৰোক্তিৰ ভিত্তিত চিকিৎসালয় খনৰ কৰ্মৰত ৱাৰ্ডবয় এজনকো আটক কৰে ৷আটকাধীন কৰ্মচাৰীজনৰ নাম বাণীকান্ত দাস৷

উল্লেখ্য যে,আৰক্ষীৰ জালত পৰা দালালটোৱে এজন ৰোগীক পৰীক্ষা কৰাৰ নামত লৈছিল দহ হেজাৰ টকা ৷ স্মতৰ্ৱ্য যে,ৰোগীজনৰ আত্মীয়ই তেওঁৰ পৰা ধন লোৱাৰ সম্পৰ্কত জি এম চি এইছৰ অধীক্ষক ডা:অভিজিৎ শৰ্মাক অভিযোগ দিয়ে ৷

এই অভিযোগৰ পাছতেই অধীক্ষক গৰাকীৰ তৎপৰতাত আজি আৰক্ষীয়ে কৰায়ত্ত কৰে দালালটোক ৷ ধৃত দালালটোৱে ৰোগীজনৰ আত্মীয়ৰ পৰা ধন লৈছিল সাত ফেব্ৰুৱাৰীত৷

মনকৰিবলগীয়া যে,দালাল চক্ৰৰ স’তে চিকিৎসালয় খনৰ কৰ্মচাৰী সহ জ্যেষ্ঠ চিকিৎসক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ধৃত দালালটোক জেৰাই বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে৷ অৱশ্যে আৰক্ষীৰ তদন্তইহে সকলো পোহৰলৈ আহিব ৷

Exit mobile version