Guwahati Mission Kurukshetra : মহানগৰীৰ ৰাজপথত পুনৰ আৰম্ভ ‘মিছন কুৰুক্ষেত্ৰ’!

338d69d8 e894 4cbc bf1b 94ca29117505

Guwahati Mission Kurukshetra :

আপোনৰ যদি বাহন আছে ৷তেন্তে এতিয়াৰ পৰা লগত নিবলৈ নাপাহৰিব যাবতীয় নথি -পত্ৰ ৷ একেদৰে যদিহনথি -পত্ৰৰ ম্যাদ উকলি গৈছে তেন্তে এতিয়াই কৰক নৱীকৰণ ৷ অন্যৰ্থাই ভৰিব লাগিব জৰিমনা ৷ জব্দ হ’ব পাৰে আপোনাৰ বাহন খন ৷

কিয়নো গুৱাহাটী মহানগৰীত পুনৰ আৰম্ভ হৈছে পৰিবহন বিভাগৰ’ মিছন কুৰুক্ষেত্ৰ’ ৷ এক ফেব্ৰুৱাৰীৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত পৰিবহন বিভাগে যান -বাহন সমূহৰ নথিপত্ৰ পৰীক্ষা কৰিছে ৷

এই অভিযান অব্যাহত থাকিব ৩১ ফেব্ৰুৱাৰীলৈকে ৷ অভিযানত ইতিমধ্যে জব্দ হৈছে ২০ খনকৈ বাহন ৷কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত চলোৱা অভিযান এইবাৰ ৰাজপথতে আবদ্ধ নাথাকে ৷

অভিযানকাৰী দলে মহানগৰৰ বেচৰকাৰী শিক্ষানুষ্ঠান,ট্ৰেভেল এজেন্সি আৰু উদ্যোগ আৰু ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলাব ৷

বকেয়া নিদিয়া বাহনৰ গৰাকীয়ে ৩১মাৰ্চৰ ভিতৰত কৰ কাটল আদায় দিয়াৰ বিপৰীতে যান- বাহনৰ ৰেজিষ্টেচন আৰু ড্ৰাইভিং লাইচেন্সৰ নৱীকৰণ কৰিবলৈ আহ্বান জনাইছে কামৰূপ মহানগৰ ডিটিঅ- এ ৷

উল্লেখ্য যে ,আজি মিছন কুৰুক্ষেত্ৰ’ৰ অষ্টমটো দিনটো পৰিবহন বিভাগে জি এছ ৰোডত অৱস্থান কৰি ৱহু বাহনৰ নথিপত্ৰ পৰীক্ষা কৰি জৰিমনা বিহে ৷ আনকি কে’বাখনো বাহন জব্দ কৰে ৷

Exit mobile version