Maharashtra Journalist Killed : ভু-মাফিয়াৰ বিৰুদ্ধে বাতৰি প্ৰকাশৰ বাবেই

নৃশংসভাৱে হত্যা সাংবাদিককক

7c50fd0c d03f 4b0f a12b 8c678974a6ea

Maharashtra Journalist Killed :

ভূ-মাফিয়াৰ বিৰুদ্ধে বাতৰি প্ৰকাশেই কাল হ’ল এজন নিৰ্ভীক সাংবাদিক ৷ চাৰিচকীয়া বাহনেৰে ৰাজপথত খুন্দিয়াই আহত কৰা হয় সাংবাদিকজনক ৷ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক গৰাকীয়ে ৷

এই ঘটনা সংঘটিত হয় সোমবাৰে মহাৰাষ্ট্ৰৰ ৰাজাপুৰত ৷ মুম্বাইৰ পৰা প্ৰকাশিত জনপ্ৰিয় মাৰাঠী ভাষাৰ দৈনিক মায়ানগৰী টাইমছত কৰ্মৰত সাংবাদিক শশীকান্ত ৱাৰিছে এটা পেট্ৰ’লিয়াম শোধনাগাৰৰ ওপৰত কেবাটাও প্ৰতিবেদন প্ৰস্তুত কৰা বাতৰিটোত পাণ্ডৰিনাথ আম্বেকাৰ নামৰ এজন স্থানীয় ভূমি মাফিয়াক সংবাদিক গৰাকীয়ে তেওঁৰ প্ৰতিবেদনত অপৰাধী বুলি বৰ্ণনা কৰিছিল।

আনহাতে তেওঁৰ বাতৰি ওপৰত স্থানীয় লোকে শোধনাগাৰ পৰিযোজনাৰ বিৰোধীতা কৰিছিল ।শশীকান্ত ৱাৰিছৰ বাতৰি প্ৰকাশৰ কেইঘন্টমান পাছতেই অৰ্থাৎ সোমবাৰে ৱাৰিছে নিজৰ মটৰ চাইকেলেৰে গৈ থকা পথত ৰাজাপুৰত এখন চাৰিচকীয়া বাহনে পিছফালৰ পৰা খুন্দিয়াই বহু দূৰ পৰ্যন্ত টানি নিয়ে ৷

ততাতৈয়াকৈ গুৰুতৰভাৱে আহত ৱাৰিছক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয়৷
মহাৰাষ্ট্ৰ আৰক্ষীয়ে ভূ- মাফিয়া আম্বেকাৰৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰি ইতিমধ্যে গ্ৰেপ্তাৰো কৰে।

ইতিমধ্যে এই ঘটনাই সমগ্ৰ মহাৰাষ্ট্ৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ ৰাজ্য খনৰ কৰ্মৰত সাংবাদিক সকলৰ অন্যতম অনুষ্ঠান পিইচিয়ে সাংবাদিক হত্যাৰ তীব্ৰ গৰিহণা দিয়ে ৷

Exit mobile version