Maruti Suzuki : গৰুৰ গোবৰৰে চালিত গাড়ী মুকলি কৰিব মাৰুতি ছুজুকীয়ে

dung maruti

Maruti Suzuki :

দেশৰ আগশাৰীৰ অটম’বাইল কোম্পানী মাৰুতি ছুজুকীয়ে এক অভিনৱ প্রকল্প গ্ৰহণৰ কথা ঘোষণা কৰিলে।এইবাৰ মাৰুতি ছুজুকীয়ে ভাৰতত বায়’গেছ চালিত বাহন মুকলি কৰিব। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি, গৰুৰ গোবৰ কেৱল সাৰ হিচাপেই নহয়,এক জৈৱিক ইন্ধন হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

মাৰুতি ছুজুকীয়ে গৰুৰ গোবৰৰ পৰা বায়’গেছ অৰ্থাৎ জৈৱিক গেছ তৈয়াৰ কৰি ইয়াৰ জৰিয়তে যানবাহন চলোৱাৰ এক অভিনৱ প্ৰকল্প প্রস্তুত কৰিছে।

এই ধৰণৰ বায়’গেছ চালিত বাহন তৈয়াৰ কৰি ভাৰতৰ লগতে বিদেশতো বিক্ৰী কৰাৰ পৰিকল্পনা কোম্পানীটোৱে লৈছে।

কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি, বায়’গেছ চালিত গাড়ীৰ অন্যতম এক বিশেষত্ব হৈছে এনে গাড়ীৰ ব্যৱহাৰৰ ফলত কার্বন নির্গমন যথেষ্ট হ্রাস পায়। বায়’গেছ চালিত বাহন নিৰ্মাণৰ লগতে মাৰুতি ছুজুকীয়ে সম্প্রতি বৈদ্যুতিক গাড়ী তৈয়াৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে।

Exit mobile version