Nagaon Bhumuraguri Rape Case : নগাঁৱৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত চাঞ্চল্য

চলন্ত আই-২০ ৰ ভিতৰত মহিলাক ধৰ্ষণৰ অভিযোগ

291959a2 aa19 4ed5 a1dd 9a8b83da37fc

Nagaon Bhumuraguri Rape Case :

নগাঁৱৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত চাঞ্চল্যকৰ ঘটনা৷ চলন্ত আই টেনৰ ভিতৰত মহিলাক ধৰ্ষণৰ অভিযোগ ৷ বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ গাঁও পঞ্চায়তৰ সভাপতি ৰকিবুল ওৰফে গুলজাৰ হুছেইন আৰু তেওঁৰ সহযোগী তাফাজ্জুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷

এই ঘৃণনীয় কাণ্ড সংঘটিত কৰি মহিলা গৰাকীক ধৰ্ষণৰ কথা ৰাজহুৱা নকৰিবলৈ ভাবুকি প্ৰদান কৰাৰো অভিযোগ উদ্থাপিত হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভূক্তভোগী মহিলা গৰাকীয়ে বটদ্ৰৱা থানাত দাখিল কৰিছে এজাহাৰ ৷

মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৫,৩৭৬,৫০৬ আৰু ৩৪ ধাৰাৰ অধীনত ১৫/২০২৩ নম্বৰত ৰুজু কৰিছে গোচৰ

আনহাতে উদ্থাপিত অভিযোগ অনুসৰি ভুক্তভোগী মহিলা গৰাকীক প্ৰাণনাশৰ ভাবুকি আৰু ধনৰ লোভ দেখুৱাই জঘন্য কাণ্ড গাপ দিয়াৰ চেষ্টা চলাই ৷

শেহতীয়াকৈ ন্যায় বিচাৰি এটি সন্তানৰ মাতৃ গৰাকীয়ে সাক্ষাৎ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষকক ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বটদ্ৰবা আৰক্ষীয়ে৷

Exit mobile version