Dispur Police Station: দিছপুৰ থানাত অঘটন, ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ আত্মহত্যাৰ চেষ্টা

WhatsApp Image 2023 02 10 at 16.17.27

Dispur Police Station:

মহানগৰীৰ দিছপুৰ থানাত অঘটন ৷ থানাৰ লকআপত থকা হাজোতীৰ আত্মহত্যাৰ চেষ্টা। হাজোতী জনৰ নাম শ্বাহ আলম তালুকদাৰৰ।

উল্লেখ্য যে,আটকাধীন শ্বাহ আলম বহু চৰ্চিত পাঞ্জাবাৰীৰ পূৰবী ডায়েৰীৰ পৰিবেশক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ৷
লকআপত থকা অৱস্থাতে ধৃত শ্বাহ আলমে শৌচালয়ৰ মগ ভাঙি তাৰ অংশৰে হাতৰ স্নায়ু কাটে ৷

পাছত তেজেৰে তুমৰলি হৈ থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি শ্বাহ আলম সম্প্ৰতি বিপদমুক্ত

Exit mobile version