Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

WhatsApp Image 2023 02 10 at 15.32.12

Kaziranga:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে বিগত বৰ্ষৰ দুই অক্টোবৰৰ পৰা আৰম্ভ হোৱা পৰ্যটন বৰ্ষত জানুৱাৰী মাহলৈকে আগমন ঘটিছে প্ৰায় দুই লাখ ছয় হেজাৰ দেশী-বিদেশী পৰ্যটক

অকল জানুৱাৰী মাহটোতে সৰ্বাধিক পৰ্যটকৰ আগমন হয় ৷ জানুৱাৰী মাহটোত মুঠ পৰ্যটকৰ সংখ্যা আছিল ৭৬,৬১১ জন ৷

ইয়াৰে ভাৰতীয় পৰ্যটকৰ সংখ্যা ৭৪,৭০১জনৰ বিপৰীতে বিদেশী পৰ্যটকৰ সংখ্যা ১৯১০ গৰাকী ৷

এই মাহটোত সংগৃহীত ৰাজহ পৰিমাণ এক কোটি ৭৬ লাখ ৫৯ হেজাৰ ৩১৩ টকা ৷ এই তথ্য সদৰি কৰে উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

সংবাদ মাধ্যমক প্ৰকাশ কৰা মতে, বিগত অক্টোবৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে পৰ্যটকৰ সংগৃহীত ৰাজহৰ পৰিমাণ পাঁচ কোটি ১৭ লা খ ৯৪২ টকা ৷

আনহাতে ২০২১-২২ বিত্তীয় পৰ্যটন বৰ্ষত ৰাজহ সংগ্ৰহ হৈছিল পাঁচ কোটি ৭৫ লাখ ৷ সঞ্চালক গৰাকীয়ে উল্লেখ কৰা মতে চলিত ফেব্ৰুৱাৰী মাহত পৰ্যটকৰ আগমন কিছু হ্ৰাস পালেই মাৰ্চ মাহত যথেষ্ট বৃদ্ধিৰ আশা কৰিছে ৷

এপ্ৰিল মাহত পৰ্যটকৰ সংখ্যা সাত লাখ অতিক্ৰমৰ সম্ভাৱনা ব্যক্ত কৰিছে সঞ্চালক শৰ্মাই ৷

Exit mobile version