Lack of Space To House Prisoners In Nagaon:কাৰাবন্দীৰ বাবে ঠাইৰ অভাৱ নগাঁৱৰ কাৰাগাৰত

নগাঁৱৰ পৰা স্থানান্তৰিত ৬৬ কাৰাবন্দীক

WhatsApp Image 2023 02 10 at 15.35.19

Lack of Space To House Prisoners In Nagaon:

ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ পাছতে অবৈধ স্বামীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷একেদৰে নগাঁৱতো অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিছে বাল্য বিবাহৰে জড়িত ডেৰ শতাধিকৰো অধিক লোকক ৷

বৃহস্পতিবাৰলৈ গ্ৰেপ্তাৰ কৰা লোকক সংখ্যাই অতিক্ৰম কৰিছে দুই শতাধিকৰো অধিক ৷ মঙলবাৰলৈ গ্ৰেপ্তাৰ কৰা ১৯২ জনক আৰক্ষীয়ে আদালতত হাজিৰ কৰে যদিও ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আঢ়ৈ শতাধিক ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকক আদালতত হাজিৰ কৰাৰ পিছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা অভিয়ুক্তক এতিয়া কাৰাগাৰত ৰাখিবলৈ স্থানৰ অভাব হৈছে ৷

এক সূত্ৰৰ পৰা জানিব পৰা মতে নগাঁৱৰ পৰা প্ৰায় ৬৬ জনক নগাঁৱৰ পৰা স্থানান্তৰিত কৰিব লগা পৰিবেশৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে ,জিলা খনত থকা দুখন কাৰাগাৰত এতিয়া কাৰাবন্দী ৰখাৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে কাৰাগাৰ কৰ্তৃপক্ষৰ ৷কিয়নো বাল্য বিবাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত থকাৰ বিপৰীতে আটকাধীন লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷

নগাঁও বিশেষ কাৰাগাৰৰ পৰা প্ৰাপ্ত তথ্য মতে নগাঁও কাৰাগাৰত স্থানৰ অভাৱত ৬৬ জনক শোণিতপুৰলৈ স্থানান্তৰিত কৰা হৈছে ৷

জিলা খনত যি গতিত আৰক্ষীয়ে বাল্য বিবাহৰ অভিযান অব্যাহত ৰাখিছে তাৰ বিপৰীতে বৃদ্ধি পাইছে আটকাধীন লোকৰ সংখ্যা ৷ এনেক্ষেত্ৰত অভিযুক্তক ৰাখিবলৈ বিকল্প ব্যৱস্থা নকৰিলে নগাৱঁৰ পৰা আন জিলা সমূহলৈ স্থানান্তৰিত কৰিব লাগিব কাৰাবন্দী ৷

Exit mobile version