Earthquake : তুৰস্ক দুৰ্যোগৰ মাজতে কঁপি উঠিল গুজৰাটৰ ছুৰাট

1662380768 earthquake

Earthquake :

এইবাৰ তুৰস্কত ভূমিকম্পৰ ভয়াৱহতাই কঁপাই তুলিছিল গুজৰাট । শনিবাৰে গভীৰ নিশা কম্পন অনুভূত হয় ছুৰাট। ৰিখটাৰ স্কেলত তীব্ৰতা ৩.৮ আছিল।

ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষতি হোৱা নাই । এই কথা জনাইছে ইনষ্টিটিউট অৱ ছিচম’লজিকেল ৰিচাৰ্ছ (আইএছআৰ)ৰ বিষয়াসকলে । নিশা প্ৰায় ১২:৫২ বজাত ভূমিকম্প অনুভূত হয় । কম্পনটোৰ কেন্দ্ৰস্থল ছুৰাটৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত আছিল ।

ৰাজ্যখনৰ দুৰ্যোগ সঁহাৰি বাহিনীৰ এজন বিষয়াই কয়, “কম্পনৰ প্ৰভাৱ ৫.২ কিলোমিটাৰ পৰ্যন্ত আছিল।হাজাৰিয়াৰ সমীপৰ আৰৱ সাগৰত এই কম্পনটোৰ কেন্দ্ৰস্থল । কম্পনৰ ফলত কোনো সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা নাই । কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। ”

গুজৰাটত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ তথ্য অনুসৰি, ১৮১৯, ১৮৪৫, ১৮৪৮, ১৮৪৮, ১৮৫৪, ১৯০৩, ১৯৩৮, ১৯৫৬ আৰু ২০০১ চনত বৃহৎ ভূমিকম্প সংঘটিত হৈছিল ।

২০০১ চনত, কচ্ছ অঞ্চলত তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল। ১৩ হেজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱালে । আহত হয় লাখ লাখ লোক ।

বিগত সোমবাৰে পুৱতি নিশা এক বিধ্বংসী ভূমিকম্পত তুৰস্ক আৰু চিৰিয়া বিধ্বস্ত হৈ পৰে । ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৮ আছিল। দুয়োখন দেশত কমেও ২৪ হেজাৰ লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version