Nagaland Assembly Election:নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই নাগালেণ্ডত জয়ী বিজেপি প্ৰাৰ্থী

b424fb44 b5d6 4c24 9893 12432f8c052e

Nagaland Assembly Election :

নাগালেণ্ড বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ সোত্তৰ দিন থকা অৱস্থাত ৰাজ্য খনৰ এগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়৷ ৰাজ্য খনৰ বিধানসভালৈ প্ৰথম গৰাকী নিৰ্বাচিত হোৱা ভাগ্যৱান প্ৰাৰ্থী গৰাকী হ’ল কাঝেটো কিমিনি ৷

উল্লেখ্য যে, ৰাজ্য খনৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ শুক্ৰবাৰৰ দিনতো আছিল অন্তিম দিন ৷ কিছু ঘটনাক্ৰমে ৩১ নং আকুলুটো সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী খেকাচে চুমীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰাত বিজেপি প্ৰাৰ্থী কাঝেটো কিমিনি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় ৷

আনহাতে নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ প্ৰাৰ্থী খেকাচে চুমীয়ে হঠাতে নিৰ্বাচনী ৰণৰ পৰা পৃষ্ঠভংগ দিয়াত এতিয়া ক্ষুন্ন হৈ পৰিছে নাগালেণ্ড কংগ্ৰেছ আৰু তেওঁৰ সমৰ্থন সকল ৷

আনহাতে ৰাজ্যৰ ২৭ ফেব্ৰুৱাৰীৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া ভি শশাংক শেখৰে কয় যে, নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ কাজেটো কিনিমী ৩১ নং আকুলুটো বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

Exit mobile version