Satgaon Army Camp Goods Train :সাতগাঁৱত অঘটন !

ইঞ্জিন নোহোৱাকৈ চলিল এখন ট্ৰেইন

923d929e 7ea4 4edc 8a70 dec395cc4500

Satgaon Army Camp Goods Train :

মহানগৰীৰ সাতগাঁওত ভয়ংকৰ ঘটনা৷ এক বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে সূৰ্য নগৰ অঞ্চল ৷ যোৱা নিশা সাতগাঁও সেনা শিৱিৰ ৰে’ল ষ্টেচনৰ পৰা হঠাতে ইঞ্জিনবিহীন মালবাহী ৰে’ল এখন স্বয়ংক্ৰিয় ভাৱে চলি আহিল সূৰ্য্য নগৰলৈ ৷

ইঞ্জিনবিহীনভাৱে ৰে’ল লাইনত মালবাহী ট্ৰেইন চলি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে ৷ পাছত স্থানীয়লোকে ততাতৈয়াকৈ খবৰ দিয়ে সাতগাঁও আৰক্ষী ৷ আৰক্ষীয়ে ঘটনাৰ বিষয়ে তৎক্ষণাত অৱগত কৰে সাতগাঁওস্থ সেনা শিৱিৰক৷

আনহাতে সেনাৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই সাতগাঁও আৰক্ষী সৰ্য নগৰত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত অতি তৎপৰতাৰে জেক লগাই চলন্ত মালবাহী ৰে’ল খন ৰখাবলৈ সক্ষম হয় ৷

অৱশ্যে কিছুসময়ৰ পাছতে সেনাৰ লোকে ইঞ্জিন লৈ নিশাই মালবাহী ৰে’ল খন সেনা শিৱিৰৰ ভিতৰলৈ লৈ যায়। উল্লেখ্য যে,সেনা শিৱিৰ ষ্টেচনৰ পৰা চাৰি কিলোমিটাৰ পৰ্যন্ত ইঞ্জিন নোহোৱাকৈ মালবাহী ট্ৰেইন খন চলি যোৱা বিষয়টোক স্থানীয়লোকে উদ্বেগ প্ৰকাশ কৰিছে ৷

সেনা শিৱিৰৰ ৰে’ল ষ্টেচন কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবেই এক সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে অঞ্চলটোৰ কে’বাটাও ৰে’লৱে ক্ৰছিং ৷

Exit mobile version