Cow : চলিত ৰে’লৰ মুখলৈ ঠেলি দিয়া হ’ল ২৪ টা গৰু ! তাৰ পাছত

1676196028 cow

Cow :

উত্তৰ প্ৰদেশত উত্থাপিত হ’ল গোহত্যাৰ অভিযোগ । শস্য ধ্বংস হোৱাৰ ক্ষোভত খেতিয়কে ৰেললাইনলৈ ঠেলি দিলে ২৪ টা গৰু।

ইয়াৰ পাছত ৰে’লে কাটি মৃত্যু হয় ১১টা গৰুৰ । এই অভিযোগ উত্থাপন হ’ল ৰাজ্যখনৰ গোবালয়াত । আঘাতপ্ৰাপ্ত হৈছে আন কেবাটাও গৰু ।

ঘটনাটো শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ সম্বল জিলাত সংঘটিত হয় । সোঁপন্থী কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই।

বিগত সোমবাৰে, গৰুৰ ওপৰত কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনাক কেন্দ্ৰ কৰি দেশখনত হুলস্থূল সৃষ্টি হয়। ১৪ ফেব্ৰুৱাৰীত, কেন্দ্ৰীয় পশু কল্যাণ পৰিষদে ভেলেণ্টাইন দিৱসত গৰুক আলিঙ্গন কৰিবলৈ আহ্বান জনাই।

ব্যাপক সমালোচনাৰ মাজতে শুক্ৰবাৰে তেওঁলোকে আৱেদনখন প্ৰত্যাহাৰ কৰিছে । এনে পৰিস্থিতিত উত্তৰ প্ৰদেশৰ ৰাজ্যত ৰে’লযোগে গৰুৰ মৃত্যু পোহৰলৈ আহে।

প্ৰাপ্ত তথ্য অনুসৰি বাহজোই আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত লাহৰাবান গাঁৱৰ ওচৰত গৰুকেইটাৰ মৃত্যু হয় । স্থানীয় লোকে জনাই যে ডেৰাডুন এক্সপ্ৰেছ তীব্ৰ গতিত আহি থকাৰ অৱস্থাতে গৰুকেইটাক ৰেলপথলৈ ঠেলি দিয়া হয়।

ঘটনাস্থলীত এঘাৰটা গৰুৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ বাবে ৰেলখন এঘণ্টা পলম হৈছিল।

স্থানীয় লোকে অভিযোগ কৰে যে গৰুকেইটাই অঞ্চলটোত শস্য ধ্বংস কৰিছিল। সেইকাৰণে কৃষকসকলে ক্ষোভত ৰেললাইনত গৰুবোৰক ঠেলি দিয়ে । এই ঘটনাত সৰৱ হৈ পৰিছে গোৰক্ষকসকল ।

Exit mobile version