Krishna Kanta Handique State Open University : ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নতুন শিক্ষানীতি ২০২০ আৰু দ্বৈত ডিগ্ৰী সম্পৰ্কীয় বক্তৃতানুষ্ঠান

3cc77bc7 0123 4c9c 9a8a 23034780b39b

Krishna Kanta Handique State Open University :

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়খনৰ অধীনত নতুন শিক্ষানীতি ২০২০ আৰু দ্বৈত ডিগ্ৰী সম্পৰ্কীয় এখন মনজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন হয়।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বক্তৃতানুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° ৰাজেন্দ্ৰ প্ৰসাদ দাসে মুখ্য বক্তাৰূপে নিৰ্দিষ্ট বিষয়ৰ ওপৰত বহলভাৱে বাখ্যা কৰে।

উপাচাৰ্য ড° ৰাজেন্দ্ৰ প্ৰসাদ দাসে তেওঁৰ ভাষণত কয় যে, “ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিয়ে শিক্ষাৰ্থীয়ে এটা বিষয়ৰ লগতে অন্য এটা বিষয় সমান্তৰালভাৱে আহৰণ কৰিব তথা অধ্যয়ন কৰিব পৰা ব্যৱস্থাটোক সুবিধা প্ৰদান কৰিব পাৰে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে সকলো শিক্ষাৰ্থীয়ে সমস্যাহীনভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীৰ ভিন্ন সমস্যা সমাধানৰ সঠিক সুত্ৰ সন্নিৱিষ্ট হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষা ব্যৱস্থাক, শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই নিব।”

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ আৰু কাৰ্যকৰীকৰণৰ ওপৰতো অধিক মনজ্ঞভাৱে বহলাই বাখ্যা কৰে উপাচাৰ্য ড° ৰাজেন্দ্ৰ প্ৰসাদ দাসে।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ৰাজু কুমাৰ দাসে আত ধৰা বক্তৃতানুষ্ঠানত স্কুল অব চায়েন্সৰ সঞ্চালক অধ্যাপক জয়দ্বীপ বৰুৱা, স্কুল অব হিউমিনিটিচৰ সঞ্চালক অধ্যাপক প্ৰাণজিৎ বৰায়ো নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে বজালী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল গোস্বামী,বৰপেটা জিলা ইতিহাস সংকলন সমিতিৰ উপ সভাপতি সোমনাথ তালুকদাৰ, সম্পাদক ভাস্কৰ দাস বিশেষ অতিথিৰূপে উপস্থিত থাকে।

বক্তৃতানুষ্ঠানত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক শ্বাহ আলম হুছেইনে নিৰ্দিষ্ট বিষয়বস্তু উত্থাপন কৰাৰ লগতে সামৰণি ভাষণ দিয়ে মহাবিদ্যালয়খনৰ আই কিউ এ চিৰ সমন্বয়ক ড° সমীৰণ শৰ্মাই। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে সভাপতিৰ আসন গ্ৰহণ কৰি নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত বিশ্লেষনেৰে আদৰণি ভাষণ দিয়ে।

Exit mobile version