Sidharth Malhotra and Kiara Advani : তিনিখন ছবিত যুটি বান্ধিব নৱদম্পতী সিদ্ধার্থ – কিয়াৰাই

Sidharth Malhotra and Kiara Advani :

একেলগে আগবাঢ়ি যোৱাৰ অৰ্থ কেৱল দাম্পত্য নহয়। কামৰ ক্ষেত্রতো যুটি বান্ধিব সিদ্ধার্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে৷ তেওঁলোকৰ বিয়াৰ খবৰে গৰম কৰি ৰখাৰ সময়তে মায়ানগৰীৰ বতাহত এই যুটিক কেন্দ্ৰ কৰি বলিছে নতুন খবৰ।

এই মুহুৰ্তত মায়ানগৰীৰ সবাতোকৈ চৰ্চিত নাম দুটা হৈছে সিদ্ধাৰ্থ আৰু কিয়াৰা। সম্প্ৰতি জয়ছালমেৰৰ সূৰ্যগড় প্রাসাদত তেওঁলোকৰ জাকজমকীয়া বিবাহক কেন্দ্ৰ কৰি অনুৰাগীৰ উৎসাহৰ অন্ত নাছিল ।

‘শ্বেৰশ্বাহ’ যুটিত দুয়োৰে ৰসায়ন দৰ্শকৰ চকুত পৰিছিল। সেই ছবিৰ প্ৰযোজক আছিল কৰণ জোহৰ। সেই ছবিত একেলগে কাম কৰাৰ সময়তে সিদ্ধার্থ আৰু কিয়াৰাৰ মাজত প্ৰেমৰ সম্পর্ক গঢ়ি উঠে। এই সপ্তাহতে সেই সম্পর্কই বিবাহৰ ৰূপ পায়।

ঘনিষ্ঠ সূত্রই জনোৱা মতে, বিবাহৰ সকলো ৰীতি-নীতি সম্পন্ন হোৱাৰ পাছতে তাৰকা যুটিটোৱে পুনৰ নিজৰ কামত ব্যস্ত হ’ব। বিবাহৰ পূৰ্বেই দুয়ো চুক্তিবদ্ধ হৈছে তিনিখন ছবিৰ বাবে।

কৰণ জোহৰ প্রযোজিত এখন ৰোমাণ্টিক কমেডীত সিদ্ধাৰ্থ আৰু কিয়াৰাই একেলগে অভিনয় কৰিব। বিয়াৰ পাছত সেয়াই হ’ব তেওঁলোকৰ প্ৰথম কাম। কৰণৰ স’তে দুয়োৰে ঘনিষ্ঠতা আছে। তেওঁৰ প্ৰযোজনা সংস্থাই ছবিখন নিৰ্মাণ কৰিব।

ছবিখন পৰিচালনা কৰিব শশাংক খৈতানে। এইখন হৈছে তিনিখন ছবিৰ এটা ছিৰিজ। প্রথম ছবিখনৰ চিত্ৰগ্ৰহণ শীঘ্ৰে আৰম্ভ হ’ব। সূত্রই জনাইছে যে বিষয়টো প্ৰায় বৰুণ ধৱন-আলিয়া ভাট অভিনীত ‘দুলহনীয়া’ ছিৰিজৰ দৰে।

শীঘ্ৰে এই বিষয়ত আনুষ্ঠানিক ঘোষণা হ’ব। উল্লেখ্য যে বলিউদৰ এই জনপ্ৰিয় যুটিটোৰ কিছুমান পৃথক কাম আগৰে পৰাই ঠিক হৈ আছে। সেই কামবোৰ শেষ কৰিয়ে নৱ দম্পতীয়ে একেলগে নতুন ছবিৰ কাম আৰম্ভ কৰিব।

Exit mobile version