Sikkim Earthquake:কাহিলী পুৱাতে ছিকিমত ভূমিকম্প !

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৩

WhatsApp Image 2023 02 13 at 13.02.09

Sikkim Earthquake:

হিমালয়ান ৰাজ্য চিকিমত মৃদু ভূমিকম্পৰ জোকাৰণি ৷ সোমবাৰে কাহিলীপুৱাতে অনুভূত হোৱা ভূমিকম্পটোৰ কেন্দ্ৰস্থল  ৰাজ্য খনৰ য়ুকচোম চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ উত্তৰ- পশ্চিম অঞ্চলত ৷

পুৱা ৪-১৫ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৪.৩ ৷ ভূ-পৃষ্ঠৰ পৰা ৭০ ফুট গভীৰ অনুভূত হয় বুলি সদৰি কৰিছে নেচনেল চেণ্টাৰ ফৰ চিচমোলজী বিভাগে ৷

এই পৰ্যন্ত কোনো ক্ষয়ক্ষতি হোৱাৰ বাতৰি জানিব পৰা নাই ৷ উল্লেখ্য যে,দেওবাৰেও মধ্য অসমৰ নগাঁৱতো অনুভূত হয় ভূমিকম্পৰ ৷ ইয়াৰ কেন্দ্ৰস্থল আছিল হোজাই ।

Exit mobile version