Income Tax Raid In BBc Office:বিবিচিৰ দিল্লী- মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ ব্যাপক তালাচী অভিযান

WhatsApp Image 2023 02 14 at 16.16.02

Income Tax Raid In BBc Office:

দিল্লী আৰু মুম্বাইৰ বিবিচিৰ কাৰ্যালয়ত মঙলবাৰে আয়কৰ বিভাগে অতৰ্কিত চলায় তালাচী অভিযান। প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়া ভাগত দিল্লীৰ কস্তুৰবা গান্ধী মাৰ্গ থকা বিবিচিৰ কাৰ্যালয়ত এই অভিযান চলায় আয়কৰ বিভাগৰ বৃহৎ দল এটাই ।

প্ৰায় সত্তৰজনীয়া দলটোৱে কাৰ্যালয়টোত উপস্থিত হৈয়ে প্ৰথমে কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ ম’বাইল ফোন জমা লয় ৷

ইয়াৰ পাছতে কাৰ্যালয়ৰ পৰা সকলোকে নিজা নিজা বাসগৃহলৈ উভতিবলৈ নিৰ্দেশ দিয়া হয়। আনকি তেওঁলোকৰ ম’বাইল ব্যৱহাৰটো বাধা দিয়ে।

শেহতীয়া খবৰ অনুসৰি মুম্বাইটো আয়কৰ বিভাগে বিবিচিৰ মুম্বাইস্থিত মাণ্ডলিক কাৰ্যালয়তো অভিযান চলাইছে ৷ আয়কৰ বিভাগৰ এক সূত্ৰই সদৰি কৰা মতে বিবিচি ইণ্ডিয়াই আয়কৰ ফাঁকি দি আহিছিল ৷ যাৰবাবে আয়কৰ বিভাগে চলাই অভিযান  ৷

আনহাতে বিবিচিৰ দুটাকৈ কাৰ্যালয়ত আয়কৰ অভিযান চলোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় দিল্লীত ৷ কংগ্ৰেছে আয়কৰ বিভাগৰ এই অভিযানক ‘দেশত এইয়া অঘোষিত জৰুৰীকালীন অৱস্থা’বুলি অভিহিত কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

একেদৰে টি এম চি সাংসদ মহুয়া মৈত্ৰ আৰু লোকসভাৰ কংগ্ৰেছৰ উপ -দলপতি গৌৰৱ গগৈয়ে কয় যে,চৰকাৰে আদানী প্ৰসংগ,বুলোডজাৰ চলোৱা আৰু দেশত নিবনুৱা সমস্যাৰ পিনে পিঠি দি এতিয়া সংবাদ গোষ্ঠীৰ মুখ বন্ধ কৰিবলৈ উঠিপৰি লাগিছে।

এইয়া চৰকাৰৰ হঠকাৰী কাৰ্য ৷ উল্লেখ্য যে, ২০০২বৰ্ষত গুজৰাট সংঘৰ্ষ সম্পৰ্কত বিবিচিয়ে প্ৰস্তুত কৰা এখন তথ্যচিত্ৰক ক্ষোভিত হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰ ৷ আনকি তথ্যচিত্ৰ খনক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

এনে প্ৰেক্ষাপটত বিবিচি কাৰ্যালয়ত তালাচী চলোৱা কাৰ্যক সচেতন মহলে সহজভাৱে মানি লব পৰা নাই ৷ মনকৰিবলগীয়া যে,বিবিচি তথ্যচিত্ৰ খন ইউটিউব ভিডিঅ,টুইটাৰ পোষ্ট ব্লক কৰাৰ নিৰ্দেশনা দিছিল  কেন্দ্ৰীয় চৰকাৰে যোৱা মাহত ৷

Exit mobile version