Chandra Mohan Patwari : অসম কাঠ ভিত্তিক উদ্যোগ সন্দৰ্ভত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

অৰ্থনৈতিক অগ্ৰগতি নিশ্চিত কৰাৰ সমান্তৰালভাৱে বনাঞ্চলৰ আৱৰণ বৃদ্ধিৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : পাটোৱাৰী

WhatsApp Image 2023 02 14 at 18.52.12

Chandra Mohan Patwari :

পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আজি গুৱাহাটীত আয়োজিত অসম কাঠ ভিত্তিক উদ্যোগ (প্ৰচাৰ আৰু উন্নয়ন) নিয়মাৱলী, ২০২২ আৰু ট্ৰিচ আওটচাইদ ফৰেষ্ট ( বহনক্ষম ব্যৱস্থাপনা) নিয়মাৱলী, ২০২২ সম্পৰ্কীয় অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

মন্ত্ৰী গৰাকীয়ে কাঠ ভিত্তিক উদ্যোগ আৰু অৰণ্যৰ বাহিৰৰ গছ-গছনিৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনেৰে অসম চৰকাৰৰ বৃহৎ সেউজ অৰ্থনীতিৰ পৰিকল্পনা সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰে।

উল্লেখযোগ্য যে ২০২৩ চনৰ জানুৱাৰী মাহত অসম কাঠ ভিত্তিক উদ্যোগ (প্ৰচাৰ আৰু উন্নয়ন) নিয়মাৱলী, ২০২২ আৰু অৰণ্যৰ বাহিৰৰ গছ (বহনক্ষম ব্যৱস্থাপনা) নিয়ম, ২০২২ৰ অধিসূচনা প্ৰৱৰ্তন কৰি অসম দেশৰ ভিতৰতে এই ক্ষেত্ৰত অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

দুয়োখন আইন নিয়ম সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্য পূৰণৰ বাবে প্ৰৱৰ্তন কৰা হৈছে । ইয়াৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন লাঘৱ কৰা, শক্তি আৰু সম্পদৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা, জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশতন্ত্ৰৰ ক্ষতি ৰোধ কৰা কাৰ্য্যকলাপত ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগৰ দ্বাৰা আয়ৰ বৃদ্ধিক উৎসাহিত কৰিবলৈ আৰু স্থানীয় সেউজ অৰ্থনীতিক উৎসাহ যোগোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

নীতিসমূহৰ বিষয়ে অৱগত কৰি বনমন্ত্ৰীগৰাকীয়ে কয় যে এই নিয়মসমূহ কাৰ্যকৰী কৰাৰ জৰিয়তে ৰাজ্যখনে দেশৰ ভিতৰতে সাঁচী গছৰ ব্যৱসায়ৰ ৰাজধানী হ’বলৈ সাজু হৈছে ।

অসমত কাঠ ভিত্তিক উদ্যোগ খণ্ডৰ গৌৰৱ ঘূৰাই অনাৰ ই এক সবল প্ৰয়াস । মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এই নিয়মাৱলীৰ লক্ষ্য হৈছে অসমৰ কৃষি জলবায়ুৰ সম্ভাৱনাৰ ব্যৱহাৰ কৰি কৃষকৰ জীৱিকা বৃদ্ধিৰ বাবে অৰণ্যৰ বাহিৰত বৃক্ষ ৰোপনৰ ক্ষেত্ৰত বিপ্লৱ অনাৰ লগতে পৰিৱেশগতভাৱে বহনক্ষম পদ্ধতিৰে অসমৰ কাঠ ভিত্তিক উদ্যোগসমূহৰ কেঁচামালৰ চাহিদা পূৰণ কৰা ।

পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ বনাঞ্চলৰ আৱৰণ বৰ্তমানৰ ৩৬%ৰ পৰা ৩৮%লৈ বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে।

কিন্তু সমান্তৰালভাৱে ৰাজ্যৰ কৃষকসকলকো অৰ্থনৈতিক লাভৰ বাবে চণ্ডন, সাঁচি আদি উচ্চ মূল্যৰ গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰা হৈছে বুলিও তেওঁ কয়।

বনমন্ত্ৰীগৰাকীয়ে লগতে জনাইছে যে এতিয়া এজন কৃষকে বনাঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰত ৰোপণ কৰা গছবোৰ অনলাইনত পঞ্জীয়ন কৰিব পাৰিব আৰু উপযুক্ত সময়ত সেই গছবোৰ কটাৰ বাবে কৃষকে অনলাইনযোগে আবেদন কৰিব পাৰিব।

এই প্ৰক্ৰিয়াই কৃষকসকলৰ বাবে অনুমোদন লাভৰ ব্যৱস্থাটো যথেষ্ট সহজ কৰি তুলিব । বনমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে ‘’আমি ৰাজ্যখনত প্লাইউড উদ্যোগৰ বিকাশৰ বাবে কমসময়তে বৃদ্ধি হোৱা আৰু অধিক উৎপাদনশীল বৃক্ষ ৰোপণৰ চিন্তা-চৰ্চা কৰি আছোঁ।

তাৰোপৰি আমাৰ চৰকাৰে গোলাঘাটত আগৰ বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছে আৰু আমি ৰাজ্যৰ সাঁচি কাঠ ভিত্তিক উদ্যোগসমূহৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন সাধনৰ বাবে পদক্ষেপ গ্ৰহন কৰিছোঁ ।’’

আজিৰ সংবাদমেলত বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Exit mobile version