Eviction Drive In Bura Chapori Wildlife Sanctuary:বুঢ়াচাপৰি অভয়াৰণ্যত পুৱাৰে পৰা আৰম্ভ বৃহৎ উচ্ছেদ অভিযান

WhatsApp Image 2023 02 14 at 14.16.20

Eviction Drive In Bura Chapori Wildlife Sanctuary:

বুঢ়াচাপৰি অভয়াৰণ্যত মঙলবাৰে পুৱাৰে পৰা প্ৰশাসনৰ দ্বাৰা আৰম্ভ হয় বৃহৎ উচ্ছেদ অভিযান। অভয়াৰণ্যৰ এলেকাধীন বেতনি আৰু লংকেটাপু চৰত শোনিতপুৰ আৰু নগাঁও জিলা প্ৰশাসনে যৌথ ভাৱে প্ৰথম সংযোজনত জে চি বি ,ট্ৰেক্টৰৰ জৰিয়তে প্ৰায় তিনি সহস্ৰাধিক আৰক্ষী- চি আৰ পি এফৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হয় অভিযান ৷

উল্লেখ্য যে বিগত এসপ্তাহৰ পৰাই আৰক্ষী – আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকে উচ্ছেদস্থলীত বাহৰ পাতি লৈছিল ৷

অভয়াৰণ্যৰ অন্তৰ্গত অঞ্চল সমূহৰ ৬ হেজাৰ বিঘা ভূমি বেদখল কাৰীয়ে বিগত ৪০ বছৰ অবৈধভাৱে দখল কৰি নিৰ্মাণ কৰি লৈছিল কংকিট ঘৰ- দুৱাৰ,বিদ্যালয়,অংগনৱাড়ী কেন্দ্ৰ ,মছজিদ ৷

শোনিতপুৰ আৰু নগাঁও জিলা প্ৰশাসনে বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে আজি পুৱাৰে জে চি বি,ট্ৰেক্টৰ আদিৰ জৰিয়তে ভাঙি দিছে ঘৰ-দুৱাৰ ৷

অৱশ্যে ইয়াৰ মাজতে বহুলোকে স্বইচ্ছাৰে নিজৰ ঘৰ – দুৱাৰ ভাঙি স্থানান্তৰিত হৈছে অন্য স্থানলৈ ৷ আনহাতে বেদখলকাৰীয়ে খেতি কৰা পথাৰ প্ৰসাসনে ট্ৰেক্টৰ লগাই চহাৰ দিয়ে ৷

এই উচ্ছেদ অভিযান ২২ফেব্ৰৱাৰীলৈকে অব্যাহত থাকিব বুলি জানিব দিয়ে দুই জিলাৰ প্ৰশাসনিক কৰ্তৃপক্ষই ৷

Exit mobile version