Guwahati High Court Hearing :বাল্য বিবাহ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাজ্য চৰকাৰৰ

বাল্য বিবাহৰ গোচৰত আটকাধীন লোকৰ বিৰুদ্ধে POCSO আইন কিয় বুলি প্ৰশ্ন ন্যায়ালয়ৰ

WhatsApp Image 2023 02 14 at 20.05.34

Guwahati High Court Hearing :

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে দুই ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি অভিযান চলাই ইতিমধ্যে চাৰি সহস্ৰাধিক লোকক আটক কৰাৰ পাছতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে ৰাজ্য চৰকাৰে ৷

ADVERTISEMENT

উল্লেখ্য যে,মঙলবাৰে বাল্য‌ বিবাহৰ জামিন আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাজনো অভিযুক্তৰ অগ্ৰিম জামিন মঞ্জুৰ কৰি গুৰুত্বপূৰ্ণ মন্তব্য দি ন্যায়ালয়ৰ প্ৰশ্ন এইবোৰ গোচৰত কিয় জিন্মাত লব  লাগে অভিযুক্তক ৷ লগতে কিয় POCSO লগাইছে বুলিও প্ৰশ্ন চৰকাৰক ৷

একেদৰে আদালতে উল্লেখ কৰে যে, গ্ৰেপ্তাৰে মানুহৰ ব্যক্তিগত জীৱনত বিধ্বংসী ৰূপ ধাৰণ কৰিছে৷ সন্তান আছে , পৰিয়াল আছে আৰু বৃদ্ধ‌ পিতৃ -মাতৃ আছে ৷

আৰক্ষীয়ে যধেমধে কৰা গ্ৰেপ্তাৰৰ বিৰুদ্ধে ন্যায়ালয়ে তুলাধুনা দি কয়,”আইন অনুসৰি আগবাঢ়িব দিয়ক, চাৰ্জ শ্বীট দাখিল কৰক, যদি তেওঁলোকক দোষী সাব্যস্ত হয় হ’ব ৷

 ন্যায়াধীশ সুমন শ্যামৰ আদালতে আৰক্ষীৰ জিন্মাত থকা ব্যক্তিক সোধপোছ কৰাৰ দৰকাৰ কি বুলি প্ৰশ্ন কৰি কয়,গ্ৰেপ্তাৰ কৰি যিকোনো ধাৰা লগালেই হ’ব নেকি ৷ আনহাতে গ্ৰেপ্তাৰ কৰা সকলে চুৰি কৰিছিল নেকি বুলি কৈ চৰকাৰক তুলাধুনা

দিয়ে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই স্থিতিৰ পাছত ৰাজ্য চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ কি হয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version