Narengi Army Camp:নাৰেংগী সেনা চাউনিৰ নিয়োগ মেলাত গজৰাজৰ আতংক !

WhatsApp Image 2023 02 14 at 17.41.01

 Narengi Army Camp:

দুদিন পূৰ্বে নাৰেংগী সেনা শিৱিৰত বন্যহস্তীৰ আক্ৰমণত সেনা জোৱানৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওঁতেই মঙলবাৰে পুনৰ এটা বনৰীয়া হাতী প্ৰৱেশ কৰে শিৱিৰত

নাৰেংগী সেনা চাউনিত আজি চলি আছিল নিয়োগ মেলা ৷ এনে সময়তে এটা বন্যহস্তীয়ে প্ৰৱেশ কৰি অস্থায়ী চাৰমিনাৰ সমুহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ ইয়াৰ পাছতে উপস্থিত ৰাইজৰ মাজত হুৱাদুৱা লাগে ৷ আতংকিত হৈ নিৰাপদ দূৰত অৱস্থান কৰে মেলালৈ অহা লোকসকল ৷

অৱশ্যে কত্তৰ্ব্যৰত সেনা জোৱানে জুইৰ জুমুঠি জ্বলাই হাতীটো বহু চেষ্টাৰ অন্তত খেদি পঠিয়াবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,দুদিন পূৰ্বে সেনা চাউনিত  সোমোৱা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় ডিমাপুৰৰ এজন জোৱান

মনকৰিবলগীয়া যে,সেনা চাউনিৰ কিছু নিলগত থকা আমছাং সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায়ে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে আশে পাশে থকা অঞ্চলৰ লগতে সেনা চাউনিটো প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰি আহিছে যদিও এই ক্ষেত্ৰত বন বিভাগে লোৱা নাই কোনো সময়োচিত পদক্ষেপ ৷

Exit mobile version