KLO : অতি কম সময়ৰ ভিতৰতে কোচ- কমতাপুৰ বাসীৰ দীৰ্ঘদিনৰ দাবী ৰাজনৈতিকভাব সমাধান হ’ব : বিশ্বজিৎ ৰায়

KLO :

কেএলঅ আৰু ভাৰত চৰকাৰৰ মাজত অনুষ্ঠিত হ’ব লগা শান্তি আলোচনাৰ অন্যতম মধ্যস্থতাকাৰী বিশ্বজিৎ ৰায়ে আজি বিজনী চহৰৰ বুঢ়ীঠাকুৰাণী থানৰ সভাকক্ষত আয়োজন কৰা এক সংবাদমেল যোগে কেএলঅৰ অধ্যক্ষ জীৱন সিংহ কোচে কোচ- কমতাপুৰ বাসীলৈ প্ৰেৰণ কৰা এখন পত্ৰ ৰাজহুৱা কৰে ৷

বিশ্বজিৎ ৰায়ে প্ৰকাশ কৰে যে কেএলঅৰ অধ্যক্ষ জীৱন সিংহ কোচ সতীৰ্থ সকলোৰ স’তে ভাৰত চৰকাৰৰ গৃহবিভাগৰ তত্বাবধানত সুস্থ আৰু সুন্দৰ ভাবে আছে ।

লগতে তেওঁ কয় যে,জীৱন সিংহ ভাৰত চৰকাৰৰ প্ৰতাৰণাৰ বলি হ’ল, ষড়যন্ত্ৰৰ বলি হ’ল, আলোচনাৰ নামত ভাৰত চৰকাৰে আত্মগোপন কৰি ৰাখিছে ইত্যাদি কথাবোৰ সত্য নহয় ।

জীৱন সিংহ কোচৰ স’তে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ স’তে অহৰহ যোগাযোগ চলি আছে ৷

গতিকে কোচ কমতাপুৰ বাসী জনগণ সন্ধিহান বা বিভ্ৰান্তি হোৱাৰ কোনো কাৰণ নাই । মাথো সময়লৈ অপেক্ষা কৰক ।

অতি কম সময়ৰ ভিতৰতে কোচ- কমতাপুৰ বাসীৰ দীৰ্ঘদিনৰ দাবী ৰাজনৈতিকভাব সমাধান হ’ব । কেন্দ্ৰীয় চৰকাৰৰ সতে হ’ব লগা প্ৰত্যক্ষ দ্বিপাক্ষীক আলোচনাৰ বাবে কোচ- কমতাপুৰ বাসী জনগন তথা বিভিন্ন দল সংগঠনৰ দিহাপৰামৰ্শ বিচাৰিছে বুলি বিশ্বজিং ৰায়ে উল্লেখ কৰিছে ।

জীৱন সিংহ কোচে কোচ- কমতাপুৰবাসীক কেতিয়াও প্ৰতাৰণা নকৰে বুলি সদৰি কৰি বিশ্বজিৎ ৰায়ে কয যে জীৱন সিংহ কোচে স্বঅধিকাৰ দাবী সাব্যস্ত কৰিবলৈ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সহস্ত্ৰ সংগ্ৰামত লিপ্ত হৈছিল আৰু আজীৱন সংগ্ৰাম কৰি যাব ।

Exit mobile version