Microsoft Browser : চিৰদিনলৈ বন্ধ হ’ল বিশ্ব প্ৰযুক্তিৰ পথ প্ৰদৰ্শনকাৰী মাইক্ৰছফট ব্রাউজাৰ

WhatsApp Image 2023 02 15 at 13.56.11

Microsoft Browser :

অৱশেষত বন্ধ হ’ল ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ব্ৰাউজাৰ। ২০২১ বৰ্ষতে ইণ্টাৰনেট এক্সপ্ল’ৰাৰৰ ছাপ’ৰ্ট বন্ধ কৰিছিল মাইক্ৰছফটে।সেই সময়ত প্ৰতিষ্ঠানটোৱে কৈছিল যে উইণ্ডোজৰ ব্ৰাউজাৰ বন্ধ কৰাৰ পৰিকল্পনা আছে । মঙলবাৰে মাইক্ৰছফটে চিৰদিনলৈ এই ব্ৰাউজাৰ বন্ধ কৰিলে।

প্ৰসংগত উল্লেখ্য যে বিশ্বত ইণ্টাৰনেট ঢৌ আৰম্ভ হোৱাৰ সময়ৰ পৰাই ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ব্ৰাউজাৰৰ জৰিয়তে সকলোৱে ই-মেইল, গুগল, য়াহু, অর্কুটৰ দৰে প্রতিষ্ঠানত নিজৰ একাউণ্ট খুলিছিল।

অৱশ্যে পৰৱৰ্তী সময়ত অত্যাধুনিক ম’জিলা ফায়াৰফক্স, এপেলৰ ছাফাৰী, গুগলৰ ক্ৰ’ম ব্রাউজাৰৰ আগমনৰ লগে লগে জনপ্রিয়তা হ্রাস পাবলৈ ধৰে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ।

১৯৯৫ত মাইক্ৰছফটে উইণ্ডোজ ৯৫ৰ স’তে এড অন পেকেজ হিচাপে ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ব্ৰাউজাৰ মুকলি কৰিছিল। যোৱা শতিকাৰ ৯০ৰ দশকত এই ব্ৰাউজাৰে সৰ্বাধিক জনপ্রিয়তা অর্জন কৰিছিল।

Exit mobile version