Nagaon Baduli khurung Mela : কন্দলিত তিনিদিনীয়াকৈ ঐতিহাসিক বাদুলি খোৰোং মেলাৰ পূৰ্ণ প্ৰস্তুতি

0e44a93d 4113 4384 a5d0 912c62211bb9

Nagaon Baduli khurung Mela :

বিগত বছৰৰ দৰে অহা ২০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ঐতিহাসিক বাদুলি খোৰোং মেলা ৷তিৱা জনগোষ্ঠীৰ নানা আখ্যান আৰু জনশ্ৰুতিৰে সাঙোৰ খাই থকা এই মেলা উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ লোকৰ আগমন হয় ।

ইতিহাস বিজড়িত নগাঁৱৰ কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুতেই লুকাই আছে বাদুলি খোৰোং নামৰ এই বিস্ময়কৰ গুহাটো ।

এইবাৰ বাদুলি খোৰোং মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চোট কন্দলী পাহাৰত অৱস্থিত এই গুহাটো বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

জনশ্ৰুতি অনুসৰি প্ৰাক্ শংকৰী যুগত বৰ্তমান কন্দলীৰ বাদুলি খোৰোং থকা স্থানত আছিল এখন নাৰী ৰাজ্য । এই নাৰী ৰাজ্যত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল । এবাৰ এজন ঋষিয়ে নিজৰ মনৰ কৌতুহল দমাব নোৱাৰি নাৰী ৰাজ্যখন কেনেকুৱানো বুলি চাবলৈ নাৰীৰ ভেশ ধৰি নাৰী ৰাজ্যত প্ৰৱেশ কৰিছিল ।

এই কথা নাৰী ৰাজ্যৰ চোৰাংচোৱাই গম পাই ঋষিক শাস্তি দিবৰ বাবে নাৰী ৰাজ্যৰ গুহাৰ ভিতৰৰ শিলত ওলোমাই থৈছিল । ইয়াতে ঋষি খঙত অগ্নিশৰ্মা হৈ পৰে আৰু নাৰী ৰাজ্যৰ ৰাণী প্ৰমীলা আৰু আন সকলোকে বাদুলি হৈ শিলত ওলমি থাকিবলৈ অভিশাপ দিয়ে ।

প্ৰমিলাই ঋষিৰ অভিশাপৰ পৰা মুক্তি পাবলৈ ঋষিক বহু অনুনয়-বিনয় কৰিছিল যদিও ঋষিয়ে তেওঁৰ অভিশাপৰ পৰা নাৰীসকলক মুক্ত নকৰিলে ।তেতিয়াৰে পৰা এই বাদুলি খোৰোঙত হাজাৰ হাজাৰ বাদুলিয়ে বসবাস কৰি আহিছে বুলি স্থানীয় লোকসকলে বিশ্বাস কৰে ।

Exit mobile version