Train Derails In Telangana : তেলেংগনাত যাত্ৰীবাহী ৰে’লৰ ডবা লাইনচ্যুত !

কথমপি ৰক্ষা যাত্ৰী

0a3de3e5 5bc5 4e6a aef4 14a88d65ac76

Train Derails In Telangana :

তেলেংগনাত যাত্ৰীবাহী ৰে’ল লাইনচ্যুত ৷ দৈব্যক্ৰমে ৰক্ষা পৰে যাত্ৰীসকল ৷ প্ৰাপ্ত খবৰ অনুসৰি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমৰ পৰা হায়দৰাবাদলৈ গৈ থকা অৱস্থাত যাত্ৰীবাহী গোদাৱৰী এক্সপ্ৰেছ ৰে’ল খন হাইদৰাবাদৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ বিবিনগৰ আৰু ঘাটকেচৰ ৰে’ল ষ্টেচনৰ মাজৰ অংকুশাপুৰ গাঁৱৰ ওচৰত ছয়টা ডবা লাইনচ্যুত হয়।

লগে লগে ৰে’ল যাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগে ৷ অৱশ্যে দুই এজন যাত্ৰীৰ আংশিক আঘাত পোৱাৰ বিপৰীতে বাকী যাত্ৰীসকল কোনো হানিবিঘিণি নোহোৱাকৈ ৰক্ষা পৰে ৷

আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উচ্চপদস্থ ৰে’লৱে বিষয়া সহ কাৰিকৰী বিষয়া উপস্থিত হৈ লাইনচ্যুত ট্ৰেইন খন উঠাবলৈ যত্ন কৰে ৷

Exit mobile version