Earthquake : ভাৰতত পুনৰ ভূমিকম্প ! কঁপি উঠিল দেশৰ এই ৰাজ্য

earthquakes homepage

Earthquake :

ভূমিকম্পত কঁপি উঠিল মেঘালয় । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৯ । ৰাষ্ট্ৰীয় ভূকম্পন গৱেষণা কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি, পুৱা ছয় বাজি ২৬ মিনিটত কঁপি উঠিল মেঘালয় ।

ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল মেঘালয়ৰ পূব খাচী পাহাৰত ৪৬ কিলোমিটাৰ গভীৰতাত। কেৱল মেঘালয়তে নহয়, অসম আৰু গুৱাহাটীৰ কে’বাটাও অঞ্চলত কম্পন অনুভূত হয় ।

অৱশ্যে, কেৱল আজিই নহয়, কিছুদিনৰ আগতে দেশৰ উত্তৰ-পূব ভাৰতৰ কেবাখনো ৰাজ্যত ভূমিকম্প অনুভূত হৈছিল। বিগত সোমবাৰে পুৱা ছিকিমৰ কিছু অংশত ভূমিকম্প অনুভূত হয়।

ভূমিকম্পৰ ফলত কোনো লোক হতাহত বা কোনোধৰণৰ সম্পত্তিৰ ক্ষয় ক্ষতি হোৱা নাই। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৩ আছিল।

নেচনেল চিচমোলজিকেল অবজাৰ্ভেটৰীৰ মতে, পুৱা ৪:১৫ বজাত কম্পন অনুভূত হয় । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল উত্তৰ-পূব য়ুকোচোম অঞ্চলত, ৭০ কিলোমিটাৰ গভীৰতাত।

দেওবাৰে অসমৰ কিছু অংশত ভূমিকম্পঅনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ পৰিমাণ আছিল ৪। এই তথ্যবোৰ চৰকাৰী বুলেটিনত দিয়া হৈছে। তাৎক্ষণিক ভূমিকম্পত কোনো লোক হতাহত বা সম্পত্তিৰ ক্ষতিহোৱাৰ খবৰ পোৱা হোৱা নাই, বুলেটিনত কোৱা হৈছে।

Exit mobile version