Pakistan Fuel Crisis:পাকিস্তানৰ ইন্ধন সংকট !

এয়াৰ এম্বুলেন্স স্তব্ধ, ভাৰ্জিন এয়াৰলাইনছে বন্ধ কৰিলে পাকিস্তানৰে বিমান সেৱা

WhatsApp Image 2023 02 16 at 11.57.58

Pakistan Fuel Crisis:

তীব্ৰ বিত্তীয় সংকটৰ সন্মুখীন হোৱা প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানে বিমান আৰু হেলিকপ্টাৰৰ বাবে জেট ইন্ধনৰ অভাৱৰ সন্মুখীন হৈছে৷ যাৰ ফলত বিমান সেৱা সমূহ বন্ধ কৰাৰ উপক্ৰম হৈছে ।

পাকিস্তানৰ এধি এয়াৰ এম্বুলেন্সকে ধৰি বহুতো কোম্পানীয়ে তেওঁলোকৰ কাৰ্যকলাপ বন্ধ কৰিছে শেহতীয়াকৈ ।

স্কাই উইংছ এভিয়েচন কোম্পানীয়ে এক বিবৃতি জাৰি কৰি তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে । ইফালে ব্ৰিটেইনৰ বিখ্যাত এয়াৰলাইনছ কোম্পানী ভাৰ্জিন আটলাণ্টিকে পাকিস্তানৰ পৰা প্ৰস্থানৰ সিদ্ধান্ত লৈছে ৷

আনহাতে এধি এয়াৰ এম্বুলেন্সকে ধৰি বহুতো কোম্পানীয়ে তেওঁলোকৰ কাৰ্যকলাপ বন্ধৰ পদক্ষেপে পাকিস্তানৰ ৰোগী সকলৰ জীৱন ৰক্ষাত স্থবিৰতা আহি পৰিব ৷কিয়নো গুৰুত্বৰ ৰোগত আক্ৰান্ত ৰোগী সকলে চিকিৎসাৰ বাবে এধি এয়াৰ সেৱাৰ জৰিয়তে ইউৰোপীয়ান দেশ সমূহলৈ অহা-যোৱা কৰে ৷

ইতিমধ্যে স্কাই উইংছ এভিয়েচন কোম্পানীয়ে পাইলটসকলক পাকিস্তান ত্যাগৰো নিৰ্দেশ দিছে ৷কোম্পানীৰ সূত্ৰত প্ৰকাশ যে, পাকিস্তানৰ ষ্টেট বেংকে জেট ইন্ধনৰ বাবে ঋণ দিবলৈ অস্বীকাৰ কৰিছে।

পৰ্যাপ্ত ইন্ধনৰ অভাৱত ২০২২ চনৰ ডিচেম্বৰৰ পৰা কৰাচী বন্দৰত আৱদ্ধ হৈ আছে কে’বা খনো জাহাজ । মনকৰিবলগীয়া যে কোম্পানীটোৱে এই জেট ইন্ধন প্ৰাপ্ত কৰিবলৈ $23,000 পৰিশোধ কৰিব লাগিব আৰু ইয়াৰ পৰিমাণ ইতিমধ্যে এটা বেঙ্কত জমা কৰা কৰিছে।

ভাৰ্জিন আটলান্টিকে সেৱা বন্ধৰ ঘোষণা কৰিছে :

ভাৰ্জিন আটলান্টিকে কোম্পানীটোৱে কয়, বেংকে বিষয়টো পাকিস্তানৰ ষ্টেট বেংকৰ ওচৰত ল’বলৈ ভয় কৰে। “ইন্ধনৰ অভাৱৰ বাবে আমি এতিয়া জৰুৰীকালীন অৱস্থাত ৰোগীসকলক স্থানান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছো।

কোম্পানীটোৱে এই সংকটত চৰকাৰৰ সহায় বিচাৰিছে। কিন্ত শেহতীয়াকৈ পাকিস্তানৰ ডলাৰৰ ভাণ্ডাৰ ৩ বিলিয়ন ডলাৰৰ তলত উপনীত হৈছে৷ যাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰিবলৈ সক্ষম হোৱা নাই পাক চৰকাৰ।

ভাৰ্জিনে বৰ্তমান ইংলেণ্ডৰ হিথ্ৰো বিমানবন্দৰৰ পৰা লাহোৰ আৰু ইছলামাবাদৰ মাজত বিমান সেৱা পৰিচালনা কৰিছে। বিমান সংস্থাটোৱে সদৰি কৰা মতে, ভাৰ্জিনে লণ্ডনৰ পৰা লাহোৰলৈ এক মে’লৈকে বিমান সেৱা অব্যাহত ৰাখিব।
একেদৰে লণ্ডনৰ পৰা ইছলামাবাদলৈ ৯ জুলাইলৈকে অব্যাহত ৰাখিব সেৱা ৷

ভাৰ্জিনৰ মুখপাত্ৰই স্পষ্ট কৰে যে, তেওঁলোকে পাকিস্তানত বিমান সেৱা বন্ধ কৰাৰ দৰে কঠিন সিদ্ধান্ত লবলৈ গৈ যথেষ্ট কষ্ট অনুভৱ কৰিছে ৷ তথাপিও পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল।

উল্লেখ্য যে, ভাৰ্জিন এয়াৰলাইনন্সে ২০২০ চনত ডিচেম্বৰৰ পৰা ইংলেণ্ড- পাকিস্তানৰ মাজত বিমান চলাচল আৰম্ভ কৰিছিল।কিন্ত শেহতীয়াকৈ পাকিস্তানত অব্যাহত থকা নিৰন্তৰ অৰ্থনৈতিক সংকটে দেশ খনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে আনকি আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ঋণ দিয়াৰ পৰা বিৰত আছে ৷

পাক চৰকাৰে দেশৰ শোচনীয় বিত্তীয় অৱস্থা ঘূৰাই আনিবৰ বাবে ইউ এ ই সহ উপসাগৰীয় দেশ সমূহৰ
কাষ চাপিছে যদিও বিমুখ হ’বলগীয়া হৈছে ৷ এনেক্ষেত্ৰত আগন্তুক দিনত পাক চৰকাৰে কিদৰে দেশৰ বিত্তীয় সংকট দূৰ কৰে সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version