Train Blast in Pakistan : পাকিস্তানৰ ৰে’লত ভয়ংকৰ বিস্ফোৰণ

জাফৰ এক্সপ্ৰেছত সংঘটিত বিস্ফোৰণত থিতাতে নিহত দুজন

WhatsApp Image 2023 02 16 at 18.05.49 1

Train Blast in Pakistan :

তীব্ৰ অৰ্থ সংকটৰ সন্মুখীন হোৱা চুবুৰীয়া দেশ পাকিস্তানত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ ৷ কুৱেটা চহৰ অভিমুখী জাফৰ এক্সপ্ৰেছ ৰে’ল খনত হোৱা বিস্ফোৰণত প্ৰায় দুজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে চাৰিজন গুৰুত্বৰভাৱে আহত হয় ৷

পেছোৱাৰৰ পৰা কুৱেটালৈ গৈ থকা পথত জাফৰ এক্সপ্ৰেছ খন চিচাভাটনি ৰে’লৱে ষ্টেচনৰ মাজেৰে যোৱাৰ সময়তে সংঘটিত হয় ভয়াৱহ বিস্ফোৰণটো ৷

যাত্ৰীবাহী ট্ৰেইন খনৰ ইকনমি ক্লাছৰ ছয় নম্বৰ ডবাত সংঘটিত এই বিস্ফোৰণত দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন চাৰি যাত্ৰী গুৰুত্বৰভাৱে আহত হয় ৷আহত সকলক ততাতৈয়াকৈ চিচাভাটনি চিকিৎসালয়ত ভৰ্তি কৰে ৰে’ল আৰক্ষীয়ে।

বিস্ফোৰণটি কেনেকৈ হ’ল আৰু কোনে কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও পাক আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত

মনকৰিবলগীয়া যে,কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি বিস্ফোৰণ ঘটা এমাহৰ ভিতৰত এইটো দ্বিতীয়টো ঘটনা।ইয়াৰ পূৰ্বে ৩০ জানুৱাৰীত বেলুচিস্তানৰ কাছি জিলাৰ মাচ অঞ্চলৰ সমীপত জাফৰ এক্সপ্ৰেছত সংঘটিত হৈছিল আন এক বিস্ফোৰণ ৷

বিস্ফোৰণত আহত হৈছিল প্ৰায় আঠজনকৈ যাত্ৰী। ইয়াৰে দুজন গুৰুতৰভাৱে আহত হয় ৷ উল্লেখ্য যে, বিস্ফোৰণটি ইমানেই ভয়ংকৰ আছিল যে বিস্ফোৰণৰ পাছতে ট্ৰেইন খনৰ দুটা ডবা লাইনচ্যুত হৈছিল ৷

শেহতীয়াকৈ তীব্ৰ বিত্তীয় সংকটৰ সন্মুখীন হোৱা পাকিস্তানত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই পাক চৰকাৰৰ বাবে আন প্ৰত্যাহ্বান হৈ পৰিছে ৷

Exit mobile version