Tripura Election2023:আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ

বিজেপিৰ সৱল প্ৰতিদ্বন্দ্ব্বী হিচাপে থিয় দিছে তৃণমূল কংগ্ৰেছ আৰু চি পি আই এম

WhatsApp Image 2023 02 16 at 11.43.57

Tripura Election2023:

৬০ খন আসন বিশিষ্ট ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ভোট দান পৰ্ব আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ৷২.৮ কোটি ভোটাৰে নিৰ্ণয় কৰিব ২৫৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ৷

বৰ্তমান ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন চৰকাৰ খনক এইবাৰ নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বান হিচাপে থিয় দিছে তৃণমূল কংগ্ৰেছ আৰু চি পি আই এমে ৷

ত্ৰিপুৰা বিধানসভা  নিৰ্বাচনৰ আজি অনুষ্ঠিত ভোট দানত নিজৰ ভোটদান সাব্যস্ত কৰিবৰ বাবে ভোটাৰ সকলে পুৱাৰে ভোট গ্ৰহণ কেন্দ্ৰত প্ৰখৰ ৰ’দকো নেওচি দীঘলীয়া শাৰি পাতি থকা পৰিলক্ষিত হয় ৷ ৰাজ্ খনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ৩৩৩৭ টা ৷
এঘাৰ বজালৈকে ভোট দানৰ হাৰ আছিল ১৪.৬৭ শতাংশ ৷

আনহাতে দুই চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব দুই মাৰ্চত ৷ তিনি মাৰ্চত ত্ৰিপুৰা সহ তিনিও ৰাজ্যৰ ভোট গণনা হ’ব ৷

Exit mobile version