Assam Police:অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

WhatsApp Image 2023 02 17 at 13.30.36 1

Assam Police:

অসম আৰক্ষী শীৰ্ষ মহলত ব্যাপক ৰদবদল আৰু পদোন্নতি দিয়ে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৷ ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থক অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখা গুৱাহাটীলৈ বদলি

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক আৰক্ষী উপ-আয়ুক্ত হিচাপে গুৱাহাটীলৈ বদলি কৰাৰ বিপৰীতে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাক হোজাইৰ আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি দিয়ে ৷

একেদৰে কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসক জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি দিয়ে ৷আনহাতে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ-আয়ুক্ত দেৱাশীষ বৰাক কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰে ।

Exit mobile version