Russia -Ukraine War : ইউক্ৰেইন যুদ্ধত হতাহত ৰাছিয়াৰ ভাড়া কৰা ৩০ হেজাৰ ৱাগনাৰ যোদ্ধা !

1676715917 russia

Russia -Ukraine War :

ইউক্ৰেইনত প্ৰায় এবছৰ ধৰি চলা যুদ্ধত ৩০হেজাৰতকৈও অধিক ৱাগনাৰ বাহিনীৰ সদস্যসক হেৰুৱাইছে ৰাছিয়াই। শুক্ৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন চৰকাৰে দাবী কৰে যে ডনবাছত হোৱা যুদ্ধত ভাড়াতীয়া সৈন্যসকল নিহত হৈছে (পূৱ ইউক্ৰেইনৰ ডনেটস্ক আৰু লুহানস্ক অঞ্চলসমূহক সামূহিকভাৱে এই নামেৰে জনা যায় )।

আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে জনাইছে যে ৩০ হেজাৰ ৱাগনাৰ যুঁজাৰুৰ ভিতৰত ন হেজাৰ জন নিহত হৈছে।

বাকীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । কিৰ্বিয়ে দাবী কৰিছে যে কেৱল ডিচেম্বৰৰ যুদ্ধত ৯০ শতাংশতকৈও অধিক ৱাগনাৰ যুঁজাৰু হতাহত হৈছে।

ডনবাছ অঞ্চলত সক্ৰিয় হৈ থকা মস্কো পন্থী মিলিছিয়া গোটসমূহৰ সহায়লৈ প্ৰেৰণ কৰা ৱাগনাৰ যোদ্ধাসকলে সেই সময়ত ইউক্ৰেইনৰ সেনাৰ পৰা গুৰুত্বপূৰ্ণ চহৰ চোলেদাৰ দখল কৰিছিল।

কিছুদিনৰ আগতে ব্ৰিটেইনৰ চোৰাংচোৱা সংস্থাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ইউক্ৰেইনৰ যুদ্ধত দুই লাখতকৈও অধিক ৰাছিয়াৰ সৈন্য নিহত হৈছে। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনত এক সামৰিক অভিযানৰ ঘোষণা কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে শুক্ৰবাৰে যুদ্ধৰ বাৰ্ষিকী উপলক্ষে ইউক্ৰেইন ভ্ৰমণ কৰিব। তাত, তেওঁ নাটো সদস্য ৰাষ্ট্ৰসমূহক কিয়েভলৈ তেওঁলোকৰ নিৰন্তৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাই এক ভাষণ প্ৰদান কৰিব বুলি হোৱাইট হাউচৰ সূত্ৰই জনায়।

Exit mobile version