Bjp Join :আপৰ ডেৰ শতাধিক প্ৰাৰ্থী বিজেপিত যোগদান

WhatsApp Image 2023 02 19 at 18.09.40

Bjp Join :

লখিমপুৰ চহৰৰ ১৪ নম্বৰ ৱাৰ্ডৰ আপৰ প্ৰাৰ্থী উদিতা দাসসহ প্ৰায় ডেৰ শতাধিক আপৰ সদস্যই আজি বিজেপি জিলা কাৰ্যালয়ত  আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

লখিমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি ফণীধৰ বৰুৱা, স্থানীয় বিধায়ক মানৱ ডেকাৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী সম্পন্ন হয়।

ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু সমাজৰ স্বাৰ্থতে বিজেপি দলত যোগদান কৰাৰ কথা সদৰী কৰে ৱাৰ্ড কমিছনাৰ গৰাকীয়ে।

উক্ত যোগদান কাৰ্যসূচীত দলীয় কাৰ্যকাৰিতা দুলু শইকীয়া,, সাধাৰণ সম্পাদক জিতেন দত্ত, উত্তৰ লখিমপুৰ পৌৰসভাৰ সভাপতি উপ- পৌৰপতি প্ৰাঞ্জল প্ৰতীম দত্ত, দলীয় সম্পাদক সঞ্জীৱ দত্ত, নগৰ পশ্চিম মঙ্গলৰ সভাপতি প্ৰশান্ত বৰুৱা, সামাজিক মাধ্যমৰ সক্ৰিয় কাৰ্যকাৰিতা যুতিকা হালৈ লহকৰ তথা বিজেপিৰ অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Exit mobile version