New Militant Group GCLO Formed :পৃঠক কমতাপুৰৰ দাবীত পুনৰ নতুন সংগঠন জি চি এল অ’ৰ আত্মপ্ৰকাশ

এইবাৰ নামনি অসম অশান্ত কৰাৰ লক্ষ্যৰে নতুন বিদ্ৰোহী সংগঠন

WhatsApp Image 2023 02 19 at 17.58.02

New Militant Group GCLO Formed :

দুটা দশকৰো অধিক সময় পৃথক কমতাপুৰৰ দাবীৰে সশস্ত্ৰ সংগ্ৰামৰ পণ গ্ৰহণ শেহতীয়াকৈ মুল সূঁতিলৈ উভতি অহা কে এল অ’ৰ সেনাধ্যক্ষ জীৱন সিংহক এক প্ৰকাৰ নস্যাৎ কে এল অ’ৰ আন এটা সমান্তৰাল সংগঠন ‘জি চি এলৰ অ’ৰ আত্মপ্ৰকাশ

জীৱন সিংহ সহ তেওঁৰ সহযোগী নেতাই আলোচনাৰ মেজলৈ আহিছিল যদিও আন বহু কেইগৰাকী নেতা স’তে নাছিল। নাছিল কোনো অস্ত্ৰ-শস্ত্ৰ ৷ সকলোবোৰ আছিল ম্যানমাৰৰ কেম্পত ৷

ম্যানমাৰৰ পৰা আহি আসাম ৰাইফলচত কেম্পত উপস্থিত হৈ ৰাজ আথিত্যত নতুন দিল্লীত উপস্থিত হয় জীৱন সিংহ আৰু তেওঁৰ সতীৰ্থবৃন্দ ৷ কেন্দ্ৰীয় চৰকাৰৰ স’তে প্ৰাৰম্ভিক আলোচনা কৰি পৰৱৰ্তী সময়ত পুনৰ আলোচনাত বহাৰ আশ্বাসৰে দিল্লীৰ পৰা প্ৰস্থান কৰি সম্প্ৰতি জিৰণি লৈ আছে সিংহ ৷

আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ প্ৰতিক্ৰিয়াত জীৱন সিংহ কিছুদিন জিৰণি লোৱা কথাও ব্যক্ত কৰিছিল ৷এনে প্ৰেক্ষাপটত পৃথক কমতাপুৰ দাবীৰে পুনৰ আন এক বিদ্ৰোহী সংগঠনৰ জন্ম হ’ল ৷ নতুন সংগঠনটোৰ নাম’গ্ৰেটাৰ কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বন চমুকৈ জি চি এল অ’৷

আজি নতুনকৈ ভূমিস্থ হোৱা সংগঠনটোৰ সহ:সাধাৰণ সম্পাদক ৰাজদ্বীপ কোচ ওৰফে ৰঞ্জিত বৰ্মনে ৰাজ্যৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ বাৰ্তাত উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰৰ স’তে কে এল অ’ৰ বহু আকাংক্ষিত আলোচনা সফল নহ’লে হাতত পুনৰ অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিয়ে ৷

উল্লেখ্য যে সংগঠনটোৱে ভিডিঅ ‘বাৰ্তাটোত আনকি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ফটোও সন্নিৱিষ্ট কৰে।

মনকৰিবলগীয়া যে,কেন্দ্ৰীয় চৰকাৰে এতিয়াও অসম সহ উত্তৰ- পূৰ্বৰ কেইবা টাও অঞ্চল অশান্ত অঞ্চল ঘোষণা কৰাৰ পাছত অঞ্চলটোৰ শান্তিৰ পৰিবেশ ঘূৰাই অনাৰ স্বাৰ্থত কে এল সহ বহু কেইটা সংগঠন আলোচনা মেজলৈ আহিছিল৷

কিন্ত আজি পুনৰ নতুন বিদ্ৰোহী সংগঠনৰ উদ্থানক লৈ ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কি হয় সেইয়া লক্ষণীয় হ’ব ৷

Exit mobile version