Guwahati Yoga Training:গুৱাহাটীত যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰৰ শুভ উদ্বোধন

চুইডেন চৰকাৰৰ পৰিৱেশবিদ মি. কাৰ্ল এৰিস্কনৰ দ্বাৰা যোগ কেন্দ্ৰৰ শুভাৰম্ভ

WhatsApp Image 2023 02 20 at 18.22.15

Guwahati Yoga Training:

গুৱাহটী মহানগৰৰ ৰাজগড় ৰোডত যোগা প্লাছ জয়ফোল লিভিং নামৰ এক যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰ আনুষ্ঠানিকভাৱে আৰম্ভ হয়।

অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে চুইডেন চৰকাৰৰ পৰিৱেশবিদ মি. কাৰ্ল এৰিস্কন ৷ উদ্বোধনী ভাষণত এৰিস্কনে কয় যে ভাৰতীয় যোগ সংস্কৃতি বিশ্বৰ প্ৰতিখন দেশৰ বাবে এক আদৰ্শ স্বৰূপ ৷

এই যোগ আদৰি লৈ গোটেই বিশ্ববাসীয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ লগতে বিভিন্ন মাৰাত্মক বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে।

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোগ সম্পৰ্কে এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° নিপেণ শইকীয়াই ।

গুৱাহাটী পৌৰ নিগমৰ ২৮নং ৱাৰ্ডৰ পাৰিষদ স্নিগ্ধা দৈমাৰী , ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যোগাচাৰ্য্য শুভাশিষ কৌৰ , যোগ প্ৰশিক্ষীকা অৰ্চনা দাস , যোগ থেৰাপিষ্ট তথা পূৰ্বাঞ্চল মহিলা যোগ সংঘৰ সভানেত্ৰী সিক্তা দেৱ কৰ উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে ৷

এই প্ৰশিক্ষণ কেন্দ্ৰত ধ্যান , মাছাজ , নেছাৰ’পেথী , যোগ, সৎকৰ্ম আৰু প্ৰশিক্ষীকাৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব বুলি যোগবিদ সিক্তা দেৱ কৰে জানিবলৈ দিয়ে ।

Exit mobile version