Madhya Pradesh Liquor Policy : সুৰাপায়ী সকলৰ বাবে দুখবৰ ! সকলো পাণশালা বন্ধ কৰিলে দেশৰ দ্বিতীয় বৃহত্তম ৰাজ্যত

1676876673 alchole

Madhya Pradesh Liquor Policy :

আবকাৰী নীতিত কেবাটাও পৰিৱৰ্তন অনিছে মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে। আজিৰ পৰা ৰাজ্যখনত খুলিব নোৱাৰিব বাৰ। কেৱল স্বীকৃত সুৰাৰ দোকানৰ পৰাহে ক্ৰয় কৰিব পাৰিব সুৰা । কিন্তু ইয়াতো চৰ্ত আছে। পূৰ্বৰ দৰে, দোকানৰ কাষত বহি কৰিব নোৱাৰিব সুৰা পান ।

ঘৰলৈ লৈ গৈ হে কৰিব পাৰিব সুৰা পান । শেহতীয়াকৈ, মধ্য প্ৰদেশ কেবিনেটে সংশোধিত আবকাৰী নীতিত অনুমোদন জনাইছে।মধ্য প্ৰদেশ চৰকাৰৰ মুখপাত্ৰ নৰোত্তম মিশ্ৰাই এই প্ৰসংগত জনাইছে যে ৰাজ্যখনত সুৰা সেৱন নিয়ন্ত্ৰণ কৰাৰ বাবে লোৱা হৈছে এই পদক্ষেপ ।

তেওঁ লগতে জনাইছে যে ৰাজ্যখনৰ কোনো শিক্ষানুষ্ঠান আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ ১০০ মিটাৰ ভিতৰত সুৰাৰ দোকান খুলিব নোৱাৰিব।

পূৰ্বৱৰ্তী নিয়মত,এই ব্যৱধান আছিল ৫০ মিটাৰৰ। নতুন আবকাৰী নীতিত অভিযুক্তৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ব্যৱস্থা কৰা হৈছে যাতে কোনেও নিচাগ্ৰস্ত অৱস্থাত গাড়ী চলাব নোৱাৰে।

কিছুদিনৰ আগতে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়ে নিয়ন্ত্ৰিত আবকাৰী নীতিৰ সপক্ষে মত দিছিল আৰু সকলোকে সুৰাৰ পৰিৱৰ্তে গাখীৰ খাবলৈ আহ্বান জনাইছিল।

তেওঁ এখন সুৰাৰ দোকানৰ সন্মুখত দুটা গৰু বান্ধি সুৰা সেৱন আৰু সুৰা বিক্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰে । প্ৰতিবাদত তেওঁ এখন সুৰাৰ দোকানতো গোবৰ লেপন কৰে ।

দলৰ নেতাগৰাকীৰ সুৰা বিৰোধী স্থিতিৰ পাছত, মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান চৰকাৰে ৰাজ্যখনত সুৰা সেৱন নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।

Exit mobile version