Delhi : অ’লা-উৰৰ বাইক সেৱা বন্ধ হ’ব দিল্লীত, এক লাখ টকালৈকে বিহিব জৰিমনা

download 1 1

Delhi :

দিল্লী চৰকাৰৰ পৰিবহণ বিভাগে এক ৰাজহুৱা জাননী জাৰি কৰি ব্যক্তিগত দুচকীয়া বাহন (বাইক) বাণিজ্যিক উদ্দেশ্যৰে ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিলে।

দিল্লী পৰিবহণ বিভাগে উক্ত জাননীত উল্লেখ কৰা অনুসৰি, এতিয়াৰে পৰা ব্যক্তিগত বাইকক বাণিজ্যিক উদ্দেশ্যৰে ব্যৱহাৰ কৰিলে তেনে ব্যক্তিক জৰিমনা বিহা হ’ব।

তদুপৰি এই নিয়ম উলংঘনৰ ফলত দুচকীয়া বাহনৰ চালকৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হ’ব। দিল্লী চৰকাৰে বাইক টেক্সি সেৱা প্ৰদানকাৰী সকলো প্রতিষ্ঠানক সকীয়াই দি কয় যে যদিহে তেওঁলোকে নিজৰ এপৰ জৰিয়তে এই ধৰণৰ সেৱা অব্যাহত ৰাখে তেন্তে যানবাহন আইন অনুসৰি চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিব।

ব্যক্তিগত দুচকীয়া বাহনক অ’লা, উৰৰ দৰে অনলাইন বাহন সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানে বাণিজ্যিক সেৱাত ব্যৱহাৰ কৰিলে এক লাখ টকালৈকে জৰিমনা বিহা হ’ব পাৰে দিল্লীত।

দিল্লী চৰকাৰৰ পৰিবহণ বিভাগে নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বাণিজ্যিক সেৱাত ব্যৱহাৰ কৰা দুচকীয়া বাহন বাণিজ্যিক বাহন হিচাপে পঞ্জীয়ন কৰালেহে এই উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰিব।

উল্লেখ্য যে দিল্লীৰ পূৰ্বে মহাৰাষ্ট্ৰত দুচকীয়া বাহনৰ বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে একেই নিয়ম প্ৰৱৰ্তন কৰিছিল।

Exit mobile version