Diabetes : ডায়েবেটিছ প্ৰতিৰোধৰ বাবে খাওক ডালচেনি

download 7

Diabetes :

ভাৰতীয় পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰোতে যিবোৰ মচলা ব্যৱহাৰ কৰা হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল ডালচেনি। এইবিধ মচলা খাদ্য সম্ভাৰ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিলে পৰোক্ষভাৱে ডায়েবেটিছ প্ৰতিৰোধ কৰাত সহায় কৰে।

‘লিপিডছ ইন হেলথ এণ্ড ডিজিজ’ নামৰ এখন পত্রিকাত ডালচেনিৰ গুণ সম্পৰ্কে বহুতো নতুন নতুন তথ্য প্রকাশ পাইছে।গৱেষকসকলৰ মতে, ডালচেনি খালে ‘মেটাৰলিক ছিণ্ড্ৰ’ম’ৰ পৰা হাত সাৰিব পাৰি। ডায়েবেটিছ ৰোগৰ বাবে যিবোৰ কাৰক চিহ্নিত হৈছে সেইবোৰৰ ভিতৰত মেটাবলিক ছিণ্ড্ৰ’ম অন্যতম।

যেতিয়া উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু ট্রাইগ্লিচাৰইডৰ পৰিমাণ বেছি থকা অৱস্থাটোৱে হ’ল মেটাবলিক ছিণ্ড্ৰ’ম। তদুপৰি তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিৰ লগতে চৰ্বি আৰু ওজনো বৃদ্ধি পায়।

যেতিয়া এনেধৰণৰ সমস্যাই গা কৰি উঠে তেতিয়া ষ্টু’ক আৰু হাৰ্ট এটেকৰ আশংকা বৃদ্ধি পায়। গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি ডাল চেনিত থকা বিভিন্ন উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যিয়ে বিভিন্ন ৰোগৰ ভাইৰাছ আদিৰ বিৰুদ্ধে যুঁজ দিব পাৰে।

এগৰাকী সুস্থ ব্যক্তিয়ে যদি নিতৌ ২-৩ গ্রাম ডালচেনি খায় তেওঁৰ স্বাস্থ্য ৰক্ষাত সহায় হয়। নতুন দিল্লী চলোৱা গৱেষণাৰ সময়ত অধ্যয়নকাৰী দলটোৱে লাভ কৰা তথ্যই ডায়েবেটিক ৰোগীৰ বাবে আশাৰ সঞ্চাৰ কৰিছে।

Exit mobile version