ISRO Chandrayaan-3 MISSION : প্রাথমিক পৰীক্ষাত উত্তীৰ্ণ ইছৰ’ৰ চন্দ্ৰযান-৩

চলিত বৰ্ষতে হ’ব পাৰে ভাৰতৰ চন্দ্রাভিযান

WhatsApp Image 2023 02 21 at 19.11.39

ISRO Chandrayaan-3 MISSION :

অন্তিম ক্ষণত লক্ষ্যভ্রষ্ট হৈ পৰিছিল চন্দ্ৰযান-২। চন্দ্ৰৰ মাটি সম্পর্কে তথ্য সংগ্রহ কৰিবলৈ গৈ গতিবেগৰ খেলিমেলিৰ বাবে চন্দ্ৰত আছাৰ খাই পৰিছিল ভাৰতৰ চন্দ্ৰযানখন।

তাৰ পাছতে যানখনৰ যোগাযোগ বিচ্ছিন্ন হোৱাত সম্পূৰ্ণৰূপে ব্যর্থ হৈছিল ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ সেই অভিযান। যদিও সেই ব্যর্থতাই যেন নতুনকৈ ঘূৰি থিয় দিয়াৰ ৰছদ যোগাইছিল।

সেইদৰেই নতুন উদ্যমেৰে ইছৰ’ৱে পুনৰ চন্দ্ৰাভিযানৰ লক্ষ্যৰে কাম আৰম্ভ কৰিছিল। ইতিমধ্যে নিৰ্মাণ কৰা হৈছে চন্দ্ৰযান-৩। প্রাথমিক পৰীক্ষাত উত্তীৰ্ণও হৈছে এই যানখন

সকলো ঠিকে থাকিলে চলিত বৰ্ষতে চন্দ্ৰত ভৰি দিব ভাৰতৰ নতুন চন্দ্রযানে। ইছৰ’ৰ সূত্ৰই জনোৱা মতে, জানুৱাৰীৰ শেষৰ পৰা ফেব্ৰুৱাৰীৰ প্ৰথম কেইদিনমানৰ ভিতৰতে চন্দ্ৰযান-৩ৰ ‘ইলেক্ট্র’ মেগনেটিক ইণ্টাৰফেয়ান্সে’ (ইএমআই) আৰু
‘ইলেক্ট্র’ মেগনেটিক কমপেটিবিলিটী’ (ইএমচি) পৰীক্ষা হৈছে।

দুয়োটা পৰীক্ষাই মহাশূন্যত যন্ত্রপাতি সঠিকভাৱে কাম কৰিছে নে নাই, সেয়া চোৱাৰ বাবে কৰা হৈছিল। আশাপ্রদ খবৰটো হৈছে এই দুয়োটা পীক্ষাতে চন্দ্রযান-৩ উত্তীৰ্ণ হৈছে। অর্থাৎ মহাকাশৰ পৰিৱেশত নিজৰ যন্ত্রপাতিক সচল কৰি ৰখাত সক্ষম ইছৰ’ৱে নতুনকৈ নিৰ্মাণ কৰা যানখন।

উল্লেখ্য যে চন্দ্ৰযানৰ তিনিটা ভাগ আছে আৰু সেয়া হৈছে প্ৰ’পালচন, লেণ্ডাৰ আৰু ৰোভাৰ। কোৱা হৈছে যে ৰেডিঅ’ তৰংগৰ মাধ্যমেৰে প্ৰতিটো অংশ যুক্ত হৈ থাকিব আৰু কাম কৰিব।

সেই কাৰণেই চন্দ্ৰযান-৩ৰ কার্যপদ্ধতি কিছু জটিল। প্ৰথমতে, যানখনে পৃথিৱীৰ তড়িৎচুম্বকীয় ক্ষেত্র (ইএম ফিল্ড)ৰ বাহিৰলৈ ওলাই কাম কৰিব লাগিব।

দ্বিতীয়তে, মহাকাশত বৃহত্তৰ তড়িৎচুম্বকীয় ক্ষেত্ৰৰ স’তে স্বাভাৱিক হৈ কর্মক্ষমতা অটুট ৰাখিব লাগিব। তাৰ পাছত আকৌ চন্দ্ৰৰ তড়িৎচুম্বকীয় ক্ষেত্ৰৰ পৰা তথ্য প্ৰেৰণৰ বাবে সক্রিয় হৈ থাকিব লাগিব।

এতিয়া ‘ইএমআই’ আৰু ‘ইএমচি’ পৰীক্ষাৰ দ্বাৰা এইবোৰ কাম কৰাত নৱনিৰ্মিত চন্দ্রযান-৩ কিমান সক্ষম, সেয়াই বুজি ল’লে ইছৰ’ৰ বিজ্ঞানীসকলে। চন্দ্রযান-২ত যি ভুল হৈছিল, সেই ভুলৰ যাতে পুনৰাবৃত্তি নহয় তালৈ এইবাৰ অতিৰিক্ত দৃষ্টি ৰাখিছে ইছৰ’ৱে।

সেয়ে চন্দ্ৰযান-৩ৰ সকলো হিচাপ-নিকাচ একেবাৰে নিখুঁত কৰা হ’ব। ইয়াৰ আগতে চন্দ্ৰযানৰ ‘বিক্ৰম’ লেণ্ডাৰ ভাঙি পৰিছিল, তাৰ কেৱল হিচাপৰ ভুলত । অৱশ্যে নতুন যানখন অধিক উন্নত।

চন্দ্ৰপৃষ্ঠত লেণ্ডাৰৰ নিৰাপদ অৱতৰণৰ দিশত বিশেষ দৃষ্টি ৰখা হৈছে। সকলো ঠিকে থাকিলে অহা জুনৰ পাছত উৎক্ষেপণ কৰা হ’ব বুলি ইছৰ’ৰ সূত্ৰই জনাইছে ।

Exit mobile version