New Assam Governor Gulab Chand Kataria Lands In Guwahati :নৱনিযুক্ত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক

গুৱাহাটী বিমানবন্দৰত আদৰণি অসম চৰকাৰৰ

WhatsApp Image 2023 02 21 at 19.00.55

New Assam Governor Gulab Chand Kataria Lands In Guwahati :

নৱনিযুক্ত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া মঙলবাৰে গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজ্যৰ মন্ত্ৰীসকল ক্ৰমে চন্দ্ৰ মোহন পাটোৱাৰী, অতুল বৰা, ৰঞ্জিত দাস, ইউজি ব্ৰহ্ম আৰু বিমল বৰাক উষ্ম আদৰণি জনায়।

এয়াৰপৰ্টত ৰাজ্যিক বিজেপিৰ সভাপতি তথা জ্যেষ্ঠ বিধায়ক ভবেশ কলিতা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰা, কামৰূপ (মেট্ৰ’) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

উল্লেখ্য যে বুধবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব। শপত বাক্য পাঠ কৰাব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে

Exit mobile version