Turkey Earthquake :
মাত্ৰ দুসপ্তাহৰ ব্যৱধান । তাৰ মাজতে পুনৰ ভূমিকম্পৰ কৱলত তুৰস্ক (Turkey) ।সোমবাৰে আবেলি পুনৰ কঁপি উঠিল ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চল । ইতিমধ্যে তিনিজন লোক মৃত্যু মুখত পৰাৰ লগতে আহত হয় ২০০ লোক ।
ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৪ আছিল। তুৰ্কী কৰ্তৃপক্ষই আশংকা কৰিছে যে শক্তিশালী কম্পনৰ ফলত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। চলিত মাহৰে ছয় তাৰিখে, তুৰস্ক আৰু ছিৰিয়াৰ এক বৃহৎ অঞ্চল ৭.৮ ৰ ৰিখটাৰ স্কেলত জোকাৰি গৈছিল।
দুয়োখন দেশত ইতিমধ্যে ৪৫ হেজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ধ্বংসস্তূত আহত হৈছিল বহু লোক । অৱশ্যে, দেওবাৰে তুৰ্কী চৰকাৰে ঘোষণা কৰে যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতে সোমবাৰে, তুৰ্কীত পুনৰ জোকাৰি গ’ল আন এক ভূমিকম্পই।
তথ্য অনুসৰি, আণ্টাকিয়া চহৰৰ সমীপততেই কম্পনৰ উৎসস্থল । মাটিৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত কম্পনটো সৃষ্টি হয় । ই ছিৰিয়া, লেবানন আৰু ইজিপ্তৰ ওপৰত প্ৰভাৱ পেলাইছে।
অভ্যন্তৰীণ মন্ত্ৰী চুলেমান চয়লুৱে কয় যে ,”বহুলোক এতিয়াও হাতয় অঞ্চলৰ ধ্বংসস্তূপত আৱদ্ধ হৈ আছে। ইয়াৰ মাজতে, এটা নতুন ভূমিকম্প । কমেও তিনিজনলোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। “






























