Guwahati Double Murder : মাতৃৰ হত্যাত পুত্ৰৰো যোগসূত্ৰ আছিল ?

WhatsApp Image 2023 02 20 at 17.54.47 1

Guwahati Double Murder :

দেশ কঁপাই যোৱা গুৱাহাটী মহানগীৰ শংকৰী দে (৬২) আৰু অমৰজ্যোতিৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধৃত বন্দনা কলিতা , ধনটি ডেকা আৰু অৰূপ ডেকাক লগত লৈ মঙলবাৰে আৰক্ষীয়ে মেঘালয়ৰ ডাউকীত অভিযান চলায় ।

অভিযানকালত অমৰজ্যোতিৰ হাড়, দেহৰ কিছু অংশ আৰু তেওঁ পৰিধান কৰা টি – ছাৰ্ট আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

অৱশ্যে সেই হাড় আৰু টি – ছাৰ্ট প্রকৃততে অমৰজ্যোতিৰ হয় নে নহয়, সেয়া নিশ্চিত কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে ফৰেনচিকলৈ প্ৰেৰণ কৰিছে ।

শংকৰী দেৰ শৰীৰৰ কিছু অংশ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও মূৰ তথা হত্যাত ব্যৱহৃত দা আৰু বেলনা মাৰিডাল এতিয়াও উদ্ধাৰ হোৱা নাই।

সমান্তৰালভাৱে ২০২২ৰ ১৭ আগষ্টত স্বামী অমৰজ্যোতিক দুই সহযোগীৰ স’তে লগ লাগি বন্দনাই হত্যা কৰি মৃতদেহ পাঁচটা খণ্ডত কাটি মেঘালয়ৰ ডাউকী পথৰ পৰা দ’ খাৱৈত পেলাই দিছিল।

ইপিনে, এই হত্যাকাণ্ড স্বামীৰ দীর্ঘদিনীয়া আতিশয্যৰ লগতে বিশাল সম্পত্তিৰ আশাত যে পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছিল সেয়া আৰক্ষীৰ তদন্তত প্ৰায় স্পষ্ট হৈ পৰিছে।

ইতিমধ্যে আৰক্ষীৰ তদন্ত প্রক্রিয়া আগুৱাই যোৱাৰ সমান্তৰালভাৱে এই হত্যাকাণ্ডৰ বহু ন ন তথ্য পোহৰলৈ আহিছে।

ফলত সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰি আৰক্ষীয়ে তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে। উল্লেখ্য যে এই দুই হত্যাকাণ্ড ২৩ দিনৰ ব্যৱধানত সংঘটিত কৰি বন্দনাই ২০২২ৰ ২৯ আগষ্টত স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হৈ আছে বুলি নুনমাটি আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল।

লগতে পৰিয়াল-ভাড়াতীয়াকো স্বামী-শাহু নিৰুদ্দেশ হৈ থকা বুলি সদৰী কৰি আহিছিল৷ ইফালে, এই ঘটনাত সন্দেহ ওপজাত শংকৰী দেৰ জ্যেষ্ঠ ভ্রাতৃৰ পুত্ৰ তথা ওদালবাক্ৰা গ্ৰীণউড লেনত বাস কৰা ভতিজাক নিমাল্য দেই এয়া অপহৰণ কাণ্ড বুলি অভিযোগ কৰি ২০২২ ৰ ২১ নৱেম্বৰত নুনমাটি আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল।

এই দুয়োটা গোচৰত আৰক্ষীয়ে তদন্ত চলাইছিল যদিও কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। শেষত কে’বামাহ ধৰি বিষয়টো এইদৰে পৰি থকাত যোৱা ১৪ ফেব্ৰুৱাৰীত স্বামী-শাহু

নিৰুদ্দেশৰ ঘটনাক লৈ বন্দনাই আৰক্ষী আয়ুক্ত বৰাক আৰু একেটা দিনতে পেহীয়েকক অপহৰণ কৰা অভিযোগ লৈ নিমাল্যই চিআইডিৰ কাষ চাপিছিল।

ইয়াৰ পাছতে দুয়োটা বিষয়ৰ তদন্ত আৰক্ষী আয়ুক্ত বৰাই মুকলি কৰিবলৈ নির্দেশ দিয়ে আৰু আৰক্ষীয়ে দুই অভিযোগকাৰীক সোধ-পোছ কৰাৰ পাছতে এই দেশ জোঁকাৰি যোৱা হত্যাকাণ্ডৰ তথ্য পোহৰলৈ আহে। সম্প্রতি তিনি ধৃতক নিজৰ জিম্মাত লৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

অৱশ্যে এনে দিশবোৰৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু শীঘ্ৰে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ

সম্ভাৱনা আছে ।

Exit mobile version