Madras Startup : বাস্তৱতে এখন উৰন্ত টেক্সি নিৰ্মাণ কৰি উলিয়ালে আইআইটি মাদ্ৰাছে

af539601 ef6b 4c7a ad64 77d8f771d63a

Madras Startup :

ঘণ্টাৰ পাছত ঘণ্টাৰ যান-জঁটৰ পৰা পাব ৰেহাই। নিমিষতে এক অঞ্চলৰ পৰা আন অঞ্চললৈ উৰা মাৰিব পাৰিব ইলেকট্রিক ফ্লায়িং টেক্সিৰে।

ADVERTISEMENT

এয়া কোনো কল্পবিজ্ঞানৰ কাহিনী নহয়, বাস্তৱতে এনে এখন উৰন্ত টেক্সি নির্মাণ কৰি উলিয়ালে ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’ল’জি (আইআইটি) মাদ্ৰাছৰ এক ষ্টাৰ্টআপ সংস্থাই।

সম্প্রতি বাংগালুৰুত অনুষ্ঠিত এৰ’ ইণ্ডিয়া প্ৰদৰ্শনীত এই উৰন্ত টেক্সিৰ এক মডেল প্ৰদৰ্শন কৰিলে ইপ্লেন নামৰ ষ্টার্টআপ প্রতিষ্ঠানে।

এবাৰ বেটাৰী চার্জ কৰিলে এই বৈদ্যুতিক উৰন্ত বাহনে দশ কিলোমিটাৰলৈকে উৰা মাৰিব পাৰিব। ইপ্লেনে দাবী কৰা অনুসৰি চাৰিচকীয়া গাড়ীৰ তুলনাত বৈদ্যুতিক উৰন্ত টেক্সিৰ গতি প্রায় ১০ গুণৰ অধিক।

প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি এনে উৰন্ত টেক্সিৰ ভাড়া উবৰৰ তুলনাত সামান্য অধিক হ’ব। মুঠ দুজন যাত্ৰীক বহন কৰিব পৰা এই ই-টেক্সিয়ে বাংগালুৰুৰ প্ৰদৰ্শনীত বিশেষ চৰ্চা লাভ কৰিলে।

Exit mobile version