Silchar Incident : পুনৰ এক বৰ্বৰ ঘটনা

মাতৃ- ভাতৃৰ ভয়ংকৰ আক্ৰমণ

cacee710 035f 4a12 ae1b 8bff60d3780a

Silchar Incident :

মহানগৰীৰ মাজমজিয়াৰ নুনমাটিত বোৱাৰীয়ে নিজ স্বামী আৰু শাহুক হত্যা কৰি মৃতদেহ টুকুৰা- টুকুৰ কৰি মেঘালয়ৰ দুৰ্গম অঞ্চলত পেলাই দিয়াৰ দৰে নৃশংস ,লোমহৰ্ষক হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ আন এক বৰ্বৰ ঘটনা সংঘটিত হয় শিলচৰত ৷

এগৰাকী ৬০ উৰ্ধৰ বৃদ্ধাই নিজৰ কনিষ্ঠ পুত্ৰৰ স’তে মিলি জ্যেষ্ঠ পুত্ৰ- বোৱাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ শিলচৰৰ কালাইনত সংঘটিত হোৱা ঘটনাত পুত্ৰ,বোৱাৰী আৰু কেচুৱা সন্তানটি গুৰুত্বৰভাৱে আহত হয়।

প্ৰাপ্ত খবৰ অনুসৰি কালাইনৰ থাম্বাল সিংহ নামৰ বৃদ্ধা গৰাকী আৰু চি আৰ পি এফ কৰ্মৰত হৈ থকা কনিষ্ঠ পুত্ৰ দেৱজিৎ সিংহই জ্যেষ্ঠ পুত্ৰ আৰু বোৱাৰীক নিজ বাসগৃহৰ চৌহদতে থকা গৃহত দাৰে আক্ৰমণ কৰে৷পুত্ৰ- বোৱাৰীক দাৰে উপযুপৰি ঘপিয়াই

আনকি এই আক্ৰমণৰ পৰা ৰেহাই নেপালে সাতমহীয়া নাতি। দাৰ ঘাপত তিনিও গুৰুত্বৰভাৱে আহত হয় ৷ সম্পত্তিৰ বিবাদৰ বাবেই আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷

আনহাতে আক্ৰমণৰ ঘটনা সংঘটিত কৰি বৃদ্ধা থাম্বাল সিংহ আৰু চি আৰ পি এফ জোৱান দেৱজিৎ সিংহই সোণৰ অলংকাৰো লৈ পলায়ন কৰে ৷

ঘটনা সংঘটিতৰ পাছতে শিলচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আক্ৰমণকাৰী মাতৃ- পুত্ৰৰ সন্ধানত অভিযান চলাইছে ৷

Exit mobile version