Silchar Murder Case : শিলচৰত পুনৰ নৃশংস হত্যাকাণ্ড

স্বামীক ছুৰীৰে হানি-খুঁচি হত্যা পত্নীৰ

Silchar Murder Case :

পুনৰ এক চাঞ্চল্যৰ হত্যাকাণ্ড ঘটনা সংঘটিত হ’ল ৰাজ্যত ৷ শিলচৰৰ মেহেৰপুৰত লোমহৰ্ষক হত্যাকাণ্ডও সংঘটিত কৰে এগৰাকী বোৱাৰীয়ে ৷

মেহেৰপুৰৰ কাবিউৰা অঞ্চলত নিজ স্বামীক ছুৰীৰে হানি-খুঁচি হত্যা কৰে পত্নীয়ে। হত্যাকাণ্ড কৰিয়ে পত্নীয়ে আত্মসমৰ্পণ কৰে থানাত৷

হত্যাকাণ্ড সংঘটিত কৰা মাপ্পী বেগমে ছুৰীৰে হানি-খুঁচি হত্যা কৰে স্বামী ফাৰমিন উদ্দিনক। প্ৰাপ্ত খবৰ অনুসৰি পাৰিবাৰিক সংঘাতৰ বাবে স্বামী ফাৰহিনক ছুৰীৰে হানি-খুঁচি আঘাত কৰাৰ পাছতে তেজৰে তুমৰলি হৈ স্বামীক পত্নী মাপ্পীয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ নি থকাৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে স্বামীয়ে ৷

ইয়াৰ পাছতে শিলচৰ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে পত্নীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ড সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version