Teok Murder : ৰাজ্যত পুনৰ আন এক নৃশংস হত্যাকাণ্ড

বন্ধুক শিৰচ্ছেদ কৰি ছিন্নমুণ্ড ভৰাই আনিলে বেগত

249eeda6 a11f 44eb b710 9d3c01047568

Teok Murder :

ৰাজ্যত শেহতীয়াকৈ ইটোৰ পাছত সিটোকৈ অপৰাধজনিত ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লোৱাত সচেতন মহলক কৰি তুলিছে চিন্তাম্বিত ৷

এটাৰ পাছত আন এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মাজতে পুনৰ আন এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে যোৰহাটৰ টিয়কত ।এজন যুৱকে নিজ বন্ধুক শিৰচ্ছেদ কৰি ছিন্নমুণ্ড বেগত ভৰাই থানাত আত্মসমৰ্পণ বাবে ৰাজপথেদি আহি থকা সময়তে আৰক্ষীয়ে আটক কৰে ৷

আটকাধীন হত্যাকাৰীজনৰ নাম লোহিত গগৈ৷ ধৃত যুৱকজন ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে ৷ইতিমধ্যে ধৃত যুবকজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে টিয়ক আৰক্ষীয়ে ৷

Exit mobile version