Tomato : উচিত মূল্য নাপাই কৃষকে পেলাই দিছে কুইণ্টলে কুইণ্টলে বিলাহী

Tomato :

আপুনি-মই বজাৰত প্ৰতি কিলোত ১০ টকাৰ পৰা ১৫ টকা পর্যন্ত দামত বিলাহী ক্ৰয় কৰিব লগা হৈছে; অথচ শোণিতপুৰৰ বৰছলাৰ বছাশিমলু অঞ্চলৰ কৃষকে প্রতি কিলো বিলাহী পাইকাৰী দৰত এটকাতকৈ কম মূল্যত বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

একেদৰে প্ৰতি কুইণ্টলত ৮০-১০০ টকাকৈ বিক্ৰী কৰিবলগীয়া হোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষকে। কুইণ্টলে কুইণ্টলে বিলাহী বিক্ৰী নকৰি খেতি ডৰাতে পেলাই দিছে।

উচিত মূল্যৰ অভাৱত খেতিপথাৰত গেলিছে বিলাহী । শোণিতপুৰৰ বৰছলাৰ বছাশিমলুত বিলাহী খেতি কৰা বহু কৃষক এতিয়া মূৰে-কপালে হাত দিব লগা হৈছে ।

অঞ্চলটোৰ একাংশ কৃষকে উপাৰ্জনৰ আশাৰে কৰিছিল বিলাহী খেতি। কিন্তু বিলাহীৰ দাম নিম্নগামী হোৱাত ব্যাপক লোকচানৰ সন্মুখীন হৈছে কৃষক ।

উৎপাদিত বিলাহী ঢেকিয়াজুলিৰ বজাৰত কৃষকে পাইকাৰী ব্যৱসায়ীক প্রতি কিলোত এটকা আৰু কুইণ্টলত ৮০ৰ পৰা এশ টকাকৈ বিক্ৰী কৰিছে।

কৃষকসকলৰ অভিযোগ যে বৰছলাৰ বছাশিমলুৰ পৰা ঢেকিয়াজুলিৰ বজাৰলৈ লৈ গৈ বিলাহী পাইকাৰী হিচাপক বিক্ৰী কৰিবলৈ হ’লে গাড়ীৰ ভাড়া বাবদ ব্যয় হয় প্রতি কুইণ্টলত এশ টকাকৈ।

বিলাহীৰ দাম প্রতি কুইণ্টলত ৮০-১০০ টকা। সেয়ে উৎপাদিত বিলাহী বিক্ৰী নকৰি খেতি পথাৰতে পেলাই থোৱা বুলি কয় কৃষকে। কিয়নো বিক্ৰী কৰিবলৈ গৈ ওলোটাই পকেটৰ ধনহে খৰচ হয়।

Exit mobile version