AAP MLA Arrested In Bribery Case : চাৰি লাখ টকা উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ আপৰ বিধায়ক

61454c34 588f 461b 9bbe 474b75d8f571

AAP MLA Arrested In Bribery Case :

পঞ্জাৱৰ শাসনাধিষ্ঠ আপৰ বিধায়ক সংকটত ৷ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আপৰ বিধায়ক। পঞ্জাৱৰ বাথিন্দা গ্ৰাম্য সমষ্টিৰ আপৰ বিধায়ক অমিত ৰতন কোটফাট্টাক ভিজিলেন্সে উৎকোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে বিধায়কজনৰ গ্ৰেপ্তাৰৰ ঘটনাই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । বৃহস্পতিবাৰে এই কথা সদৰি কৰে ভিজিলেন্সৰ বিষয়া গৰাকীয়ে ৷

উল্লেখ্য যে ,কেইদিনমান পূৰ্বে ভিজিলেন্সে বিধায়ক অমিত ৰতনৰ ব্যক্তিগত সহায়ক ৰছিম গাৰ্গক এজন লোকৰ পৰা চাৰি লাখ টকা উৎকোচ লোৱাৰ সময়তে হাতেলোটে কৰায়ত্ত গ্ৰেপ্তাৰ কৰিছিল।

উদ্থাপিত অভিযোগ অনুসৰি আপৰ বিধায়কজনৰ পি এ ৰছিদ গাৰ্গে ২৫ লক্ষাধিক চৰকাৰী আঁচনি এটা মুকলি কৰাৰ বিনিময়ত এজন লোকৰ পৰা পাঁচ লাখ টকাৰ উৎকোচ বিচাৰিছিল ৷ সেই ধনৰ আগধন হিচাপে চাৰি লাখ টকা লওতেই বিধায়কজনৰ পি এ জনক হাতেলোটে আটক কৰে ৷

আনহাতে ধৃত বিধায়ক জনৰ পি এ জনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আপৰ বিধায়ক অমিত ৰতন কোটফাট্টাক ৷ আজি আটকাধীন বিধায়কজনক ভিজিলেন্সে আদালতত হাজিৰ কৰি সোধপোছৰ বাবে পুনৰ জিন্মাত লয় ৷

আনহাতে বিধায়কজনক গ্ৰেপ্তাৰ কৰা ঘটনাক আপ চৰকাৰক বদনাম কৰিবৰ বাবে এইয়া এক প্ৰচেষ্টা বুলি অভিহিত কৰে পঞ্জাৱ প্ৰদেশ কমিটিয়ে ৷

ৰছিম গাৰ্গৰ স’তে আপৰ বিধায়ক অমিত ৰতনৰ কোনো সম্পৰ্ক নাই বা তেওঁ বিধায়কজনৰ ব্যক্তিগত সহায়ক নহয় বুলিও দাবী কৰে আপৰ নেতৃত্বই ৷

Exit mobile version