Akhil Gogoi In Nia Court :নিয়া আদালতত হাজিৰ অখিল গগৈ

পুনৰ হাজিৰ হ'ব লাগিব ২৮ ফেব্ৰুৱাৰীত ,কা' আন্দোলনৰ সময়ত ৰুজু হোৱা গোচৰৰ ভিত্তিত এই নিৰ্দেশ,উচ্চতম ন্যায়ালয়ৰ ৰায় শুক্ৰবাৰলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অখিল গগৈক

WhatsApp Image 2023 02 23 at 14.56.18

Akhil Gogoi In Nia Court :

ডেৰ বছৰ পূৰ্বৰ কা’ আন্দোলনৰ সময়ত ৰুজু হোৱা গোচৰৰ ভিত্তিত নিয়া আদালতে শিৱসাগৰৰ  বিধায়ক অখিল গগৈক নিয়া’ৰ আদালতত হাজিৰ হ’বলৈ দিয়া চমন অনুসৰি আজি দুপৰীয়া ভাগত মহানগৰীৰ চান্দমাৰীস্থিত নিয়া আদালতত হাজিৰ হয় গগৈ ৷

উল্লেখ্য যে ,অখিল গগৈক শুক্ৰবাৰলৈকে গ্রেপ্তাৰ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে ন্যায়ালয়ত হ’ব জামিনৰ শুনানি ।

আনহাতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অসম চৰকাৰ। সেই অনুসৰি উচ্চ ন্যায়ালয়ে গোচৰ পুনৰ চলাবলৈ নিৰ্দেশ প্ৰদান কৰে নিয়া ‘আদালতক।

মনকৰিবলগীয়া যে, কা’ আন্দোলনৰ সময়ত ৰজু হোৱা গোচৰ সন্দৰ্ভত নিয়া আদালতে ইতিমধ্যেই দোষমুক্ত ৰায় দিয়াৰ পাছত পুনৰ আদালতত হাজিৰ কৰা বিষয়টো যথেষ্ট ৰহস্যজনক বুলি অভিহিত কৰে অখিল গগৈয়ে ৷

‘সাম্প্ৰদায়িক ফেচিবাদী বিজেপিৰ ওচৰত কেতিয়াও আপোচ নকৰো’|  নিয়া’ৰ আদালতৰ বাহিৰত অখিল গগৈৰ হুংকাৰ ।

স্মতৰ্ৱ্য যে,অখিল গগৈক নিয়াৰ আদালতত হাজিৰ হোৱাৰ সময়ত আদালতৰ বাহিৰত তেওঁৰ বহু অনুগামী আৰু সমৰ্থক উপস্থিত থাকে ৷ কেবাজনো সমৰ্থকে অখিল গগৈক আদালতত হাজিৰৰ পূৰ্বে সাবটি ধৰি কন্দাকটা কৰে ৷

Exit mobile version