Earthquake in Afghanistan : ভূমিকম্পত কঁপি উঠিল আগানিস্তান, ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা ৬.৮

1677058245 earthquake

Earthquake in Afghanistan :

ভূমিকম্পত কঁপি উঠিল আফগানিস্তান । বৃহস্পতিবাৰে পুৱা চীনৰ সীমান্তৰ সমীপত আফগানিস্তান আৰু তাজাকিস্তানত ভূমিকম্প অনুভূত হয়। ভূমিকম্পৰ কেন্দ্ৰস্থল উত্তৰ-পূব আফগানিস্তানৰ ফৈজাবাদ চহৰৰ পৰা ২৬৫ কিলোমিটাৰ দূৰত্বত।

ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৮ আছিল। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা ছয় বাজি ৩০ মিনিটত আফগানিস্তান আৰু তাজিকিস্তানৰ মাটি কঁপি উঠে ।

এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। প্ৰথম কম্পনৰ ২০ মিনিট পাছত, অঞ্চলটো এটা আফটাৰশ্বকত কঁপি উঠিল । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল পাঁচ ।

দ্বিতীয় কম্পনৰ অলপ পাছতে, পুনৰ এটা আফটাৰশ্বক অনুভূত কৰা হয় । ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৬ আছিল।

Exit mobile version