Indigenous Chamber of Commerce and Industry Meets Bangladesh Assistant High commissioner :গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰে বৈঠক

ইনজিনিয়াছ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সজাতি দলৰ

WhatsApp Image 2023 02 23 at 20.25.51

Indigenous Chamber Of Commerce And Industry Meets Bangladesh Assistant High Commissioner :

গুৱাহাটীস্থ বাংলাদেশৰ উপ-উচ্চায়ুক্ত ৰুহুল আমিনক আজি সাক্ষাৎ কৰে ইনজিনিয়াছ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ পাঁচজনীয়া সজাতি দলে ৷

উৎপল নাৰায়ণ, অনুপ চেতিয়া, বিশ্বজিৎ নাৰায়ণ, পল্লব ভট্টাচাৰ্য আৰু দিলীপ শৰ্মাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আমিনৰ চেম্বাৰত এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত দ্বিপাক্ষিক বাণিজ্য বিনিময়ৰ সুযোগ আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।

 আলোচনাত বাংলা সহ:উচ্চায়ুক্ত গৰাকীয়ে কয়, বাণিজ্যিক প্ৰচাৰ কেৱল পাৰস্পৰিক অৰ্থনৈতিক লাভালাভৰ বাবেই নহয় কিন্তু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে সৌহাৰ্দ্যপূৰ্ণ চুবুৰীয়া সম্পৰ্ক কঢ়িয়াই অনাৰ বাবে বহুদূৰ আগবাঢ়িব বাংলাদেশে ৷

বাংলা জনসাধাৰণৰ মাজত বিষ্ণু প্ৰসাদ ৰাভাৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি আগন্তক দিনবোৰত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অধিক উন্নত কৰাৰ ওপৰত আলোকপাত কৰে।

সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে আৰু কয় যে , বাংলাদেশত প্ৰস্তুত হোৱা পোছাক, ইলিচ মাছ, উচ্চ মানদণ্ডৰ বীজ, মাছৰ বীজ বাংলাদেশৰ পৰা উত্তৰ-পূব অঞ্চললৈ আমদানি কৰিব পাৰি ৷

আনহাতে পৰ্যটন আৰু বিশেষকৈ চিকিৎসা পৰ্যটনৰ উত্তৰ-পূব অঞ্চলত যথেষ্ট সম্ভাৱনা আছে। যিহেতু বাংলাদেশ ইউৰোপীয় বজাৰলৈ ৰেডিমেড পোছাকৰ আটাইতকৈ ডাঙৰ ৰপ্তানিকৰ্তা হিচাপে পৰিগণিত হৈ আহিছে ৷

আনহাতে ইনজিনিয়াছ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ প্ৰতিনিধি দলটোৱে কয়,চীনক অতিক্ৰম কৰি উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন ৰেচমৰ প্ৰাকৃতিক কাপোৰৰ উৎস হোৱাৰ সম্ভাৱনা আছে। এই বাণিজ্য বিনিময়ে বাংলাদেশৰ লগতে ভাৰতৰ উত্তৰ-পূব অঞ্চল দুয়োকে পৰিবহন ব্যয় হ্ৰাসৰ সৈতে বজাৰ প্ৰতিযোগিতামূলক হোৱাত সহায় কৰিব।

অসমৰ কৰিমগঞ্জ, ধুবুৰী আৰু মেঘালয়ৰ ডাউকী, দালুৰ দৰে কেইবাটাও কৰিডৰৰ জৰিয়তে ভাল ব্যৱসায় সংযোগ বিকশিত কৰাৰ বাবে যানবাহনৰ আহযাহ কৰাৰ ক্ষেত্ৰত সীমাপাৰৰ অনুমতিৰ ব্যৱস্থা অতি সৰলীকৰণ কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে সজাতি দলটোৱে ৷

এই সন্দৰ্ভত সহকাৰী উচ্চায়ুক্তই কয় , এই বিষয়বোৰৰ ওপৰত গুৱাহাটীস্থ সহকাৰী উচ্চায়ুক্ত কাৰ্যালয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ আইচিচিআইৰ প্ৰতিনিধিসকলক আগন্তুক দিনত বিভিন্ন সহায় সহযোগিতাৰ আশ্বাস দিয়ে সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে ৷

আনহাতে আইচিচিআই সজাতি দলটোৱে বাংলা সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে লোৱা যোগাত্মক সহাৰীক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

Exit mobile version